Congress panel prepares draft manifesto for Lok Sabha polls : লোকসভা নিৰ্বাচনৰ খচৰা ইস্তাহাৰ প্ৰস্তুত কংগ্ৰেছ পেনেলৰ
নেশ্যনেল ডেস্ক, ৬মাৰ্চ : কংগ্ৰেছ পেনেলৰ খচৰা প্ৰস্তুত ওপৰত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ আলোচনা ।
আগন্তুক লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া কংগ্ৰেছ পেনেলে খচৰাখন প্ৰস্তুত কৰি উলিয়াইছে । এই খচৰাখনৰ ওপৰত কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে আলোচনা কৰিব ।
এই সন্দৰ্ভত ইস্তাহাৰ সমিতিৰ মুৰব্বী তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে কয় যে খচৰা প্ৰতিবেদনখন কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ওচৰত উপস্থাপন কৰা হ’ব । তেওঁ লগতে কয়,”আমি খচৰা ইস্তাহাৰ প্ৰস্তুত কৰিছো । এতিয়া এই খচৰাখন কংগ্ৰেছ ৱৰ্কিং কমিটীলৈ প্ৰেৰণ কৰা হ’ব । তেওঁলোকে ইস্তাহাৰখন চূড়ান্ত কৰাৰ লগে লগে কংগ্ৰেছ দলৰ দস্তাবেজ হৈ পৰিব । কাইলৈ আমি এই খচৰাখন কংগ্ৰেছ সভাপতিক অৰ্পণ কৰিম ।”বিভিন্ন বয়সৰ গোটক সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে কংগ্ৰেছে অহা সপ্তাহত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে বুলি এক দলীয় সূত্ৰই কয়(Congress panel prepares draft manifesto for Lok Sabha polls) ।
সূত্ৰ অনুসৰি, দলটোৱে প্ৰচাৰ সামগ্ৰী আৰু হ’ৰ্ডিঙৰ বাবে দুটা বৃহৎ কোম্পানী নিয়োগ কৰিছে ।
প্ৰথমবাৰৰ বাবে, দলটোৱে ইয়াৰ মিডিয়া ৰণনীতিত নতুন পৰীক্ষা-নিৰীক্ষা কৰিব । ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) কেন্দ্ৰীভূত সংবাদ মাধ্যমৰ প্ৰচাৰৰ প্ৰতিক্ৰিয়াস্বৰূপে, কংগ্ৰেছে সূক্ষ্ম পৰ্যায়ত স্থানীয় প্ৰচাৰ আৰম্ভ কৰিব বুলি সূত্ৰটোৱে উল্লেখ কৰে ।
দলীয় সূত্ৰই কয় যে কংগ্ৰেছে কৃষকসকলৰ বাবে ন্য়ূনতম সমৰ্থন মূল্যৰ (এমএছপি) বাবে আইনী গেৰাণ্টিৰ প্ৰতিশ্ৰুতি দি হ’ৰ্ডিং আঁৰিব । ইয়াৰ পূৰ্বে, কৃষকসকলৰ ‘দিল্লী চলো’ সমদলৰ সময়ত দলটোৱে কৈছিল যে যদি ক্ষমতালৈ আহে তেন্তে তেওঁলোকে কৃষকসকলৰ বাবে এমএছপিৰ আইনী গেৰাণ্টি প্ৰদান কৰিব(Congress panel prepares draft manifesto for Lok Sabha polls) ।
ইপিনে, কংগ্ৰেছে ক্ষমতালৈ আহিলে দেশজুৰি জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছে । নিৰ্বাচনী প্ৰচাৰত গতি প্ৰদান কৰিবলৈ কংগ্ৰেছে এক লাখ বুথ লেভেল এজেণ্ট (বিএলএ) নিযুক্ত কৰিছে । উল্লেখ্য় যে লোকসভা নিৰ্বাচন এই বছৰৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।