Gautam Gambhir Quits Politics To Prioritize Cricket Career : ৰাজনীতিৰ পৰা অব্যাহতি বিচাৰিলে গৌতম গম্ভীৰে
নিউজ ডেস্ক, ২ মাৰ্চ : ৰাজনীতিৰ পৰা অব্যাহতি বিচাৰিলে দিল্লীৰ সাংসদ তথা ভাৰতীয় বিশ্বকাপ জয়ী ক্ৰিকেট দলৰ সদস্য গৌতম গম্ভীৰে । সামাজিক মাধ্যমৰ জৰিয়তে বিজেপিৰ সভাপতি জেপি নড্ডাক ৰাজনীতিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বাবে অনুৰোধ জনালে বিজেপিৰ সাংসদগৰাকীয়ে।
উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল গৌতম গম্ভীৰে। বিজেপিৰ পৰাই তেওঁ পূৱ দিল্লী লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈ সংসদলৈ গৈছিল। ইয়াৰ ঠিক ৫ বছৰৰ পিছত নিৰ্বাচনৰ প্ৰাক ক্ষণত তেওঁ বিজেপিৰ শীৰ্ষ নেতৃত্বক জনালে ক্ৰিকেট সংক্ৰান্তিয় দায়িত্ব আৰু কৰ্তব্যৰ বাবে আব্যাহতি লাগে ৰাজনীতিৰ পৰা(Gautam Gambhir Quits Politics To Prioritize Cricket Career)।
আইপিএল দল কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ (প্ৰাক্তন অধিনায়ক) গম্ভীৰে তেওঁৰ এক্স হেণ্ডেলত এটা পোষ্ট কৰি লিখিছে- ”মই আমাৰ সন্মানীয় দলীয় সভাপতি জেপি নড্ডাক অনুৰোধ জনাইছো, মোক মোৰ ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি দিয়ে যেন। যাতে মোৰক্ৰিকেট সম্পৰ্কীয় কৰ্তব্য পালনত অধিক মনোযোগ দিব পাৰো। মোক মানুহৰ বাবে কাম কৰাৰ সুযোগ দিয়াৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছো। জয় হিন্দ।”
গম্ভীৰৰ পোষ্টৰ পাছতে এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁ পুনৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বনে নাই তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।
লগতে পঢ়ক : Dead Body Recovered in Dhubri : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ