Assam Congress expels senior leader Dadu Taye from party : অৱশেষত প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কাৰ দাদু টায়েক
নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : অৱশেষত প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কাৰ দাদু টায়েক ।গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি আছিল টায়ে। দলৰ পৰা বহিষ্কাৰ কৰে APCCৰ সভাপতি ভূপেন বৰাই ।মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে কংগ্ৰেছে জাৰি কৰিছিল শ্ব’কজ ।
শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তাৎক্ষণিক কাৰ্যকৰী কৰাকৈ বহিষ্কাৰ কৰে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সদ্য অপসাৰিত সভাপতি দাদু টায়েক(Assam Cong Expels Dadu Taye from Party A Day After Issuing Show Cause) ।
উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীৰ দিনাই গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে মুখ্যমন্ত্ৰীক লগ ধৰিছিল আৰু এখন গলবস্ত্ৰৰে তেওঁক সম্ভাষণ জনাইছিল(Assam Congress expels senior leader Dadu Taye from party) ৷
তাৰ পাচতেই ভাইৰেল হৈ পৰিছিল দাদু টায়ে আৰু মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ফটো ৷ চৰ্চা চলিছিল ফটোক লৈ । এই ঘটনাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই দাদু টায়েক এক পত্ৰ প্ৰেৰণ কৰি তেখেতক জিলা সভাপতি পদৰ পৰা অব্যাহতি দিয়ে ।
মুখ্যমন্ত্ৰীক সাক্ষৎ কৰি গলবস্ত্ৰৰে তেওঁক সম্ভাষণ জনোৱা বাবে কংগ্ৰেছৰ ভিতৰচৰাত জোকাৰণিৰ সৃষ্টি হৈছিল যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সদ্য অপসাৰিত সভাপতিগৰাকীক(Congress expels Golaghat district president after his pic with Himanta Biswa Sarma goes viral) ।