kamalakhya dey purkayastha resigns from congress working president post :লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মাধমাৰ; কংগ্ৰেছত থাকি বিজেপিক মুকলি সমৰ্থন দুই কংগ্ৰেছী বিধায়কৰ

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাাৰী : কংগ্ৰেছত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থন দুই বিধায়কৰ ।
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মাধমাৰ। মুখ্যমন্ত্ৰীৰ কক্ষত সোমাই গামোচা পিন্ধালে দুই কংগ্ৰেছ বিধায়কে। কংগ্ৰেছৰ দুজনকৈ বিধায়কে পোনপটীয়াকৈ সমৰ্থন জনাইছে বিজেপিক(kamalakhya dey purkayastha resigns from congress working president post) ।
মুখ্যমন্ত্ৰীৰ কক্ষত সোমাই গামোচা পিন্ধালে বৰাকৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু মঙলদৈৰ বিধায়ক বসন্ত দাসে। উন্নয়নৰ বাবে বিজেপিক সমৰ্থন জনোৱাৰ কথা ঘোষণা দুই বিধায়কৰ।
ইতিমধ্যে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই এৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব। ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কমলাক্ষ দে’ পুৰকায়স্থৰ। কেৱল প্ৰাথমিক সদস্যহে হৈ থাকিব কংগ্ৰেছৰ। কংগ্ৰেছ বিধায়কদ্বৰ শেহতীয়া এই স্থিতিয়ে লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনীতিত।