ED Team at Hemant Soren’s Delhi Residence Amidst 9 summons Evasions : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ED ৰ দল

নেশ্যনেল ডেস্ক, ২৯ জানুৱাৰী : দিল্লী ভ্ৰমণত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ দিল্লী ভ্ৰমণৰ সময়ছোৱাতে সোমবাৰে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দিল্লীস্থিত বাসগৃহত উপস্থিত হয় ED ৰ দল ।
উল্লেখ্য যে, ভূমি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত ED য়ে মুখ্যমন্ত্ৰীগৰাকীক দশমবাৰৰ বাবে চমন জাৰি কৰিছিল আৰু ২৯-৩১ জানুৱাৰীৰ ভিতৰত সোধা-পোছাৰ বাবে তেওঁক সময় দিবলৈ কৈছিল(ED visits Jharkhand CM Hemant Soren’s Delhi residence as part of money laundering probe) ।
কিন্তু ED ৰ সময়সূচীৰ মাজতে ২৭ জানুৱাৰীৰ নিশা ৮ বজাত মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ বিমানেৰে দিল্লীলৈ ৰাওনা হয় ।
অৱশ্যে ED য়ে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসৃহত উপস্থিত হৈছে নে নাই সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চয়তা লাভ কৰা হোৱা নাই ।
উল্লেখ্য যে, চৰকাৰী সূত্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ২৭ জানুৱাৰীত ইডিয়ে চোৰেনক নতুনকৈ যোগাযোগ কৰি তেওঁক অহা সপ্তাহত পুনৰ ধন আত্মসাতৰ গোচৰৰ তদন্তত যোগদান কৰিবলৈ কয় ।পূৰ্বৰ নবাৰকৈ ইডিৰ চমন এৰাই যোৱা চোৰেনক ২৯ বা ৩১ জানুৱাৰীত সোধা-পোছাৰ বাবে তেওঁৰ উপলব্ধতা নিশ্চিত কৰিবলৈ কোৱা হয়(ED Team at Hemant Soren’s Delhi Residence Amidst 9 summons Evasions) ।