Nitish Kumar to join Hands with BJP Again : আজি সন্ধিয়া ৫ বজাত বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে
নিউজ ডেস্ক, ২৮ জানুৱাৰী : বিহাৰৰ ৰাজনৈতিক খবৰবোৰে সম্প্ৰতি দেশবাসীৰ দৃষ্টি নিবদ্ধ ৰাখিছে । পুনৰ বিজেপিৰ সৈতে হাত মিলাব নীতিশ কুমাৰে, আজি সন্ধিয়া ৫ বজাত বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে(Nitish Kumar to join hands with BJP again, may take oath at 5 PM today) ।
লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) আৰু কংগ্ৰেছৰ সৈতে ১৮ মাহৰ শাসকীয় মিত্ৰতাৰ অন্ত পেলাই দেওবাৰে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে নীতিশ কুমাৰে। আজি বিজেপিৰ সমৰ্থনত তেওঁ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে(Nitish Kumar to join Hands with BJP Again) ।
আজি বিয়লি ৫ বজাত জেডিইউ নেতাগৰাকীয়ে নতুন জেডিউ-বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি নৱমবাৰৰ বাবে নীতিশ কুমাৰে ৰাজ্যৰ নেতৃত্ব দিব।
সূত্ৰই জনোৱা অনুসৰি, পদত্যাগ দাখিল কৰাৰ পূৰ্বে কুমাৰে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰিব বুলি কয় । নীতিশ কুমাৰৰ লগতে আজি শপত গ্ৰহণ কৰিব দুজন জেডিউ নেতাই। “আজি শপত গ্ৰহণ কৰিব দুজন উপ-মন্ত্ৰী আৰু বিজেপিৰ এজন মন্ত্ৰীয়ে”।