Local, Vocal, Global

Delhi CM Arvind Kejriwal’s Big Claims: AAPৰ ৭গৰাকী বিধায়কলৈ ২৫ কোটি টকাৰ অফাৰ দিয়াৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে

নেশ্যনেল ডেস্ক, ২৭জানুৱাৰী : বিজেপিৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰণ মন্তব্য। বিজেপিয়ে অফাৰ দিয়াৰ অভিযোগ AAPৰ বিধায়কলৈ। AAPৰ ৭গৰাকী বিধায়কলৈ ২৫ কোটি টকাৰ অফাৰ দিয়াৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে(Delhi CM Arvind Kejriwal’s Big Claims)।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে বিজেপিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে(Arvind Kejriwal alleges BJP tried to poach 7 AAP MLAs, offered them Rs 25 crore) ।

অভিযোগ অনুসৰি, বিজেপিয়ে দিল্লীত আম আদমী পাৰ্টিৰ সাতজন বিধায়কক দল সলনি কৰিবলৈ ২৫ কোটি টকাৰ অফাৰ দিয়ে । লগতে সুৰা নীতিৰ গোচৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব বুলি ভাবুকি দিয়ে বুলি আপৰ নেতা গৰাকীয়ে কয় । আপে দাবী কৰা অনুসৰি বিজেপি নেতাৰ কথা-বতৰা টেপ ৰেকৰ্ডিং কৰা হৈছে(Conspiracy to topple Delhi govt, 7 AAP MLAs offered Rs 25 crore to quit party)।

কেজৰিৱালে আজি এক্সত এটা দীঘলীয়া পোষ্টত কয়, ” বিজেপিয়ে দিল্লীৰ আপৰ সাতজন বিধায়কৰ সৈতে যোগাযোগ কৰি দল সলনি কৰিবলৈ কোৱাৰ লগতে শীঘ্ৰে দিল্লীৰ মু্খ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব বুলি কয়।”

কেজলিয়ালে লগতে কয় যে, বিজেপিয়ে ২১ জন বিধায়কৰ সৈতে যোগাযোগ কৰা হৈছিল বুলি কয় যদিও তাৰে ৭ জন বিধায়কে এই প্ৰস্তৱ নাকচ কৰে ।

কেজৰিৱালে লগতে অভিযোগ কৰে যে বিজেপিয়ে নিৰ্বাচনত আপক পৰাস্ত কৰিবলৈ আৰু দিল্লীত আপ চৰকাৰক উফৰাই পেলাবলৈ ষড়যন্ত্ৰ চলাই আছে ।

লগতে পঢ়ক : PM Modi French President Macron express ‘grave concerns’ over expansion of conflict : লোহিত সাগৰ আৰু মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ