Local, Vocal, Global

Bharat Jodo Nyay Yatra : মাজুলীত কংগ্ৰেছ নেতা ৰাহুল গান্ধী; ধুতি পিন্ধি আউনীআটি সত্ৰত উপস্থিত ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৯ জানুৱাৰী : মাজুলীত উপস্থিত হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Bharat Jodo Nyay Yatra) । ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই শুকুৰবাৰে মাজুলীত প্ৰৱেশ কৰে । মাজুলী জিলা কংগ্ৰেছে ৰাহুল গান্ধীৰ আগমনক লৈ ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে (Bharat Jodo Nyay Yatra Resumes from Majuli )।

ৰাহুল গান্ধী মাজুলীৰ অফলামুখ পাৰঘাটত উপস্থিত হোৱাৰ লগে মাজুলী জিলা কংগ্ৰেছৰ বহু কৰ্মীয়ে তেওঁক আদৰণি জনায় আৰু ৰাহুল গান্ধীৰ যাত্ৰাত অংশগ্ৰহণ কৰে (Bharat Jodo Nyay Yatra Resumes with boat ride to Majuli Bharat Jodo Nyay Yatra Resumes with boat ride to Majuli )। ৰাহুল গান্ধীৰ ৰেলীয়ে কমলাবাৰী চাৰিআলিলৈ যাব আৰু ৰাইজৰ লগত বাৰ্তালাপ কৰি মাজুলিৰ আউনীআটি সত্ৰত সেৱা লয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আউনীআটি উপস্থিত হৈ আউনিআটি সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ লগত মত বিনিময় কৰিব ।

ইয়াৰ পিচত তেওঁ গড়মূৰ হৈ জেংৰাইমুখ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছত মাজুলীৰ পৰা বিদায় ল’ব।

লগতে পঢ়ক :First glimpse of Ram Lalla Idol inside sanctum sanctorum : ৰামলালাৰ প্ৰথমখন ছবি; অযোধ্যাত ৰাম মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত ৰামলালাৰ মূৰ্তি