Local, Vocal, Global

BJP is Scared Now that Rahul Gandhi has Come in Like a Lion : ‘ৰাহুল গান্ধী সিংহৰ দৰে আহিছে বাবে ভয় খাইছে বিজেপিয়ে’ – সাংসদ গৌৰৱ গগৈ

নিউজ ডেস্ক, ৮জানুৱাৰী : ”ৰাহুল গান্ধী সিংহৰ দৰে আহিছে বাবে ভয় খাইছে বিজেপিয়ে। অৰণ্যত যেতিয়া সিংহ ওলাই বাকী জীৱ-জন্তু বোৰে ভয় খোৱাটো স্বাভাৱিক। মই ক’ত খেলিম BJPয়ে কিয় ভয় খাইছে ,সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগৰ কলিয়াবৰ মোক ঘূৰাই দিয়ক সাহস আছে যদি। নহলে দলে য’ত প্ৰতিনিধিত্ব দিয়ে মই তাতেই খেলিম।

ৰাহুল গান্ধীৰ ভ্ৰমণকলৈ যি কমিটি গঠন হৈছে সেই কমিটিত মই নথকাটো একো চৰ্চাৰ বিষয় নহয় । সেই চৰ্চা কেৱল মিডিয়াত হৈছে । মই ইস্তাহাৰ সমিতিত আছো” । ৰাজ্যিক সেৱা দলৰ অভিৱৰ্তনত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ(BJP is scared now that Rahul Gandhi has come in like a lion, says MP Gaurav Gogoi)।

উল্লেখ্য যে, সোমবাৰে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ আইটিএ চেণ্টাৰত অনুষ্ঠিত হয় অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক অভিৱৰ্তনত । অভিৱৰ্তন অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, লোকসভাৰ বিৰোধীৰ উপ দলপতি সৰ্বভাৰতীয় সেৱা দলৰ মুৰব্বী লালজি দেশাই, সাংসদ আব্দুল খালেক, বিধায়ক ৰেকিবুদ্দিন আহমেদ, ভাস্কৰ বৰুৱা, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ লগতে কংগ্ৰেছৰ বহু নেতা কৰ্মী।

এই ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠানত উদাত্ত ভাষণ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।

ভাষণত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰাই আজমলক কটাক্ষ কৰে আৰু কয়, আমি ৰাহুল গান্ধীৰ বাবে অপেক্ষাত আছো, ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰিম। আজমলে কোৱা কথা তেওঁৰ কথা নহয়, সেয়া অন্যৰ শ্ৰুতলিপিত তেওঁ আওৰাইছে মাথোঁ । লগতে প্ৰদেশ কংগ্ৰেছ সভাপতি গৰাকীয়ে কয় যে,আগন্তুক লোকসভা নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কয় ভূপেন কুমাৰ বৰাই।

লগতে পঢ়ক : Accident Claims Two Lives At Bogamati Picnic Spot : দুৰ্ঘটনাত পতিত বনভোজলৈ যোৱা বাহন; নিহত দুজন