Bangladesh Election : দেওবাৰে অনুষ্ঠিত হয় বহু চৰ্চিত বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ
ইন্টাৰনেশ্যনেল ডেস্ক, ৭জানুৱাৰী : দেওবাৰে অনুষ্ঠিত হয় বহু চৰ্চিত বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ(Bangladesh Election) । পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান আবেলি ৪ বজালৈ অনুষ্ঠিত হব । আবেলি ৪ বজাৰ লগে লগে সমাপ্ত হ’ব ভোটদান প্ৰক্ৰিয়া ।
উল্লেখ্য যে, ৩০০ খন আসনৰ বাবে প্ৰায় ১২০ নিযুত ভোটাৰে ২,০০০ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ৷ ইয়াৰে ৪৩৬ জন নিৰ্দলীয় প্ৰাৰ্থী আছে ৷ যি ২০০১ চনৰ পিছত সৰ্বাধিক নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷
জানিব পৰা মতে, ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে গণনা আৰম্ভ হ’ব, সোমবাৰে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে(Bangladesh goes to polls today amid strike) ৷
আনহাতে, বাংলাদেশ নেচনেলিষ্ট পাৰ্টি চমুকৈ বি এন পি আৰু ইয়াৰ মিত্ৰজোঁটৰ দলে নিৰ্বাচন বৰ্জনৰ আহ্বান কৰিছিল ৷ যাৰবাবে দেশজুৰি ৪৮ ঘন্টীয়া ধৰ্ণা-প্ৰতিবাদ কৰা হ’ব বুলি ঘোষণা কৰিছিল বি এন পিয়ে ৷ বিৰোধীৰ এই ঘোষণাৰ বিপৰীতে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে দেশখনৰ নিৰ্বাচনী আয়োগে ৷ বিৰোধী দলৰ আহ্বানৰ পাচত ভোটদানৰ হাৰ কমিব পাৰে আৰু ঠায়ে ঠায়ে নিৰ্বাচনী হিংসাই দেখা দিব পাৰে বুলিও অনুমান কৰা হৈছে ৷