New Year 2024 : দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক, ১ জানুৱাৰী : আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন । সকলোৱে আনন্দ উল্লাহৰ মাজেৰে নৱবৰ্ষক আদৰিছে(New Year 2024) । সকলোৱে নিজৰ পৰিয়াল, বন্ধুবৰ্গ, আত্মীয়ক বিভিন্ন ধৰণে নৱবৰ্ষৰ শুভেচ্ছাও জনাইছে । দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও দেশবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে (President Murmu greets people on New Year)। দেশবাসীক এখন সমৃদ্ধ সমাজ আৰু ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি ল’বলৈ আহ্বান জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে । তেওঁ কয় যে, নতুন বছৰৰ আগমন হৈছে। এই বৰ্ষত নতুন সংকল্প আৰু লক্ষ্যৰ সৈতে আগবাঢ়ি যাওক।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰপতিয়ে নতুন বছৰৰ প্ৰাকমুহূৰ্তত সকলো নাগৰিকলৈ শুভেচ্ছা প্ৰেৰণ কৰিছে। তেওঁ লিখিছে, ২০২৪ বৰ্ষই সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। আমি আমাৰ দেশৰ প্ৰগতিত অৰিহণা যোগোৱা অব্যাহত ৰাখিম। আহক আমি নতুন বছৰক স্বাগতম জনাও আৰু এখন সমৃদ্ধ সমাজ আৰু ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি লওঁ। নৱবৰ্ষৰ এই ক্ষণত মই ভাৰত আৰু বিদেশত বাস কৰা সকলো ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছো(PM Modi, President Murmu, other leaders extend New Year wishes to people)।
“ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোৰে জীৱন আশা, সুখ আৰু যথেষ্ট সফলতাৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰে (PM Modi greets people on New Year)। প্ৰধানমন্ত্ৰীয়ে এক্সত লিখে, “২০২৪ সকলোৰে বাবে গুৰুত্বপূৰ্ণ হওক ! ! এই বছৰে সকলোৰে বাবে সমৃদ্ধি, শান্তি আৰু সু স্বাস্থ্যবান কৰক।” । সকলো নাগৰিক সুস্বাস্থ্যৰ অধিকাৰী হওক ।”
আনহাতে মাতৃ ছোনিয়া গান্ধীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সুখ, সমৃদ্ধিৰ কামনা কৰে। তেওঁ লিখে, “নৱবৰ্ষই আপোনালোকৰ সকলো জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক আৰু ভাৰতত ন্যায় আৰু প্ৰেমৰ বাৰ্তা কঢ়িয়াই আনক। সকলোকে ২০২৪ চনৰ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু সমৃদ্ধিশালী কামনাৰে”
ইফালে নিশা ১২ বজাৰ লগে লগে ৰঙীণ হৈ পৰিছিল দেশৰ প্ৰতিখন চহৰ । আতচবাজী আৰু সংগীত আদিৰে ২০২৪ বৰ্ষক ধুমধামেৰে আদৰণি জনাইছে বিভিন্নজনে । দিল্লীৰ পৰা আৰম্ভ কৰি মুম্বাই, চেন্নাই, কলকাতা সকলোতে ৩১ ডিচেম্বৰৰ নিশা আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক : Happy New Year 2024 : আৰম্ভ হ’ল ইংৰাজী নৱবৰ্ষ ২০২৪