Local, Vocal, Global

CAA is the Law of the Land, No One Can Stop It : CAA সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ মন্তব্য

নেশ্যনেল ডেস্ক, ২৭ডিচেম্বৰ : CAA সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ মন্তব্য । পশ্চিমবংগত ৰাজহুৱা সভাত মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ।

CAA সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মন্তব্য ‘CAA দেশৰ আইন, CAA বলৱৎ হ’বই। CAA কাৰ্যকৰী কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতিৰ অংশ’। লগতে কয় যে , ‘বাংলাদেশৰ পৰা অহা হিন্দুসকলৰ ভাৰতত সমান অধিকাৰ আছে’। যিমান অধিকাৰ ভাৰতীয়ৰ আছে সিমান অধিকাৰ বাংলাদেশী হিন্দুৰ অধিকাৰ আছে ভাৰতত ”। বাংলাদেশী হিন্দুক তেওঁলোকৰ অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে ‘(CAA is the Law of the Land, No One Can Stop It: Amit Shah)।

CAA সন্দৰ্ভত মন্তব্যৰ পিছেত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ কৰে গৃহমন্ত্ৰী গৰাকীয়ে । তেওঁ CAA বিৰুদ্ধে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপন কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে । অমিত শ্বাহে ‘কা’ সন্দৰ্ভত জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আক্ৰমণ কৰি কয় যে, “কেতিয়াবা তেওঁ দেশত ‘কা’ কাৰ্যকৰী হ’বনে নহয় বুলি জনসাধাৰণক, শৰণাৰ্থীসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে । মই এইটো স্পষ্টকৈ ক’ব বিচাৰোঁ যে নাগৰিকত্ব (সংশোধনী) আইন হৈছে দেশৰ আইন আৰু কোনেও ইয়াৰ কাৰ্যকৰীকৰণ বন্ধ কৰিব নোৱাৰে । এয়া আমাৰ দলৰ প্ৰতিশ্ৰুতি (CAA is Law of the Land, No One Can Stop Its Implementation, Says Amit Shah)।”

উল্লেখ্য যে, মঙলবাৰে কলকাতাৰ ৰাষ্ট্ৰীয় পুথিভঁৰালত ৰাজ্যিক বিজেপিৰ ছ’চিয়েল মিডিয়া আৰু আই টি শাখাৰ সদস্যসকলৰ এখন ৰুদ্ধদ্বাৰ বৈঠক সম্বোধন কৰি অমিত শ্বাহে কয় যে ‘কা’ কাৰ্যকৰী কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতি ।শ্বাহে এই কথাটো বিশ্বাস ব্যক্ত কৰে যে দলটোৱে ৰাজ্যখনৰ পৰা ৪২ খন লোকসভা আসনৰ ভিতৰত ৩৫ খনতকৈ অধিক আসন লাভ কৰিব ।

আনহাতে, বংগ বিজেপি মিডিয়া চেলে এই কাৰ্যসূচীত অমিত শ্বাহৰ বক্তব্যৰ মূল বিষয়ৰ এখন তালিকাও শ্বেয়াৰ কৰে । ইফালে সন্ধিয়ালৈ অমিত শ্বাহৰ ভাষণৰ কেইটামান ভিডিঅ’ ক্লিপো শ্বেয়াৰ কৰে ।

লগতে পঢ়ক : US Shoots Down 12 Houthi Attack Drones : হুথিৰ আক্ৰমণক বিফল কৰিলে আমেৰিকাৰ সেনাই