Suspended TMC MP Kalyan Banerjee mimics RS Chairman Jagdeep Dhankhar : নিলম্বন ১৪১জন সাংসদ; নিলম্বনৰ বিৰোধিতাৰে সংসদৰ চৌহদত বিৰোধীৰ প্ৰতিবাদ
নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : সদনৰ শীতকালীন অধিৱেশনত নিলম্বিত ১৪১জন সাংসদ ৷ সংসদৰ সুৰক্ষাত সুৰুঙাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিবৃতি দাবী কৰি সংসদৰ উভয় সদনত বিৰোধীৰ হুলস্থূল(Parliament Winter Session) ।
বিৰোধীৰ হুলস্থূলৰ মাজতে কেইবাগৰাকীও সাংসদক নিলম্বন কৰা হয়। এতিয়ালৈ মুঠ ১৪১গৰাকী সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দুয়োখন সদনৰ মুঠ ১৪১ গৰাকী সাংসদক নিলম্বন কৰা হয়।এই নিলম্বনৰ বিৰোধিতাৰে সংসদৰ চৌহদত বিৰোধীৰ প্ৰতিবাদ। মকৰ দ্বাৰৰ সন্মুখত বহি নিলম্বিত সাংসদসকলে কৰিলে প্ৰতিবাদ । প্ৰতিবাদৰ মাজতে জগদীপ ধনখড়ৰ মিমিক্ৰী কৰিলে TMCৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে ।
তৃণমূলৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ মিমিক্ৰি কৰা দৃশ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ মোবাইলৰ কেমেৰাত বন্দী কৰা দেখা যায়(Suspended TMC MP Kalyan Banerjee mimics RS Chairman Jagdeep Dhankhar) ।
উল্লেখ্য যে, সদনৰ পৰা বহিষ্কৃত বিৰোধী ১৪১জন সাংসদে সংসদ চৌহদত এক নকল অধিবেশন পৰিচালনা কৰে আৰু জগদীপ ধনখড়ৰ মিমিক্ৰী কৰে ।ৰাহুল গান্ধীৰ এই কাৰ্যই আন সাংসদসকলক হাঁহিৰ খোৰাক যোগায় । এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে সংসদৰ বাহিৰত তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীক তেওঁক নকল কৰাৰ বাবে সমালোচনা কৰে(Rajya Sabha Chairman on MP mimicking him, Rahul Gandhi filming it) ।
দুপৰীয়া ১২ বজাত সদন পুনৰ আহ্বান কৰাৰ সময়ত ধনখৰে ঘটনাটো লক্ষ্য কৰি কয়, “ৰাজ্যসভাৰ অধ্যক্ষৰ কাৰ্যালয় বহুত বেলেগ । ৰাজনৈতিক দলবোৰৰ মাজত মত বিৰোধ থাকিব পাৰে, তেওঁলোকৰ মাজত মত বিনিময় হ’ব পাৰে, কিন্তু আপোনাৰ দলৰ এজন জ্যেষ্ঠ নেতাই আন এটা দলৰ আন এজন সদস্যক ভিডিঅ’গ্ৰাফী কৰাৰ কথা কল্পনা কৰক । অধ্যক্ষৰ মিমিক্ৰি । কিমান হাস্যকৰ, কিমান লজ্জাজনক, কিমান গ্ৰহণযোগ্য ।”
ইফালে ১৪১জনকৈ সাংসদক সদনৰ পৰা নিলম্বনৰ পিছতে দেশজুৰি জাঙুৰ খাই উঠিছে বিৰোধী ইণ্ডিয়া। সংসদৰ চলিত অধিৱেশন আজিৰ পৰা সম্পূৰ্ণৰূপে বয়কট কৰাৰ হুংকাৰ দিয়ে বিৰোধী শিবিৰ ইণ্ডিয়াই। সদনত গণতন্ত্ৰণৰ হত্যা আখ্যা বিৰোধীৰ। পাৰ্লিয়ামেণ্টৰ গণতন্ত্ৰৰ ওপৰত বুলড’জাৰ চলা বুলি অভিযোগ কৰি এয়া বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰাৰহে ষড়যন্ত্ৰ বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে(Rajya Sabha Chairman gets furious as TMC’s Kalyan Banerjee mimics him, Rahul Gandhi films it)।
আনহাতে বিজেপিয়ে স্বেচ্ছাচাৰী শাসন চলাইছে বুলি অভিযোগ কৰি স্বাধীনতাৰ ৭৫ বছৰত এনে কাণ্ড হোৱা নাই বুলি মন্তব্য কৰি ৭৫ বছৰীয়া স্ৱাধীনতাৰ কলংকিত অধ্যায় আখ্যা দিয়ে ৰঞ্জিত সূৰ্যেৱালাই। কেন্দ্ৰই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বুলড’জাৰ চলাইছে বুলি অভিযোগ কৰে মমতা বেনাৰ্জীয়ে।
উল্লেখ্য যে সোমবাৰে এদিনতে বিৰোধীৰ ৭৮ গৰাকী সাংসদক নিলম্বন কৰা হৈছে। সংসদৰ দুই সদনৰ পৰা নিলম্বন কৰা হৈছে ৯২ গৰাকী সাংসদক। সদনত অৰাজক পৰিস্থিতি সৃষ্টি কৰাৰ বাবে বিৰোধী সাংসদসকলক নিলম্বন কৰা হয়। ৯০ৰ অধিক সাংসদক এনেদৰে নিলম্বন কৰাৰ বিৰুদ্ধে বিৰোধীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। সংসদ ভৱনৰ বাহিৰত নিলম্বিত সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে।