Local, Vocal, Global

ED again summons Delhi CM Arvind Kejriwal : আবকাৰী নীতি দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি

নেশ্যনেল ডেস্ক, ১৯ডিচেম্বৰ : পুনৰ ED ৰ চমন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ(ED again summons Delhi CM Arvind Kejriwal) । পুনৰ দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতি দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে ED য়ে। সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকী ২১ ডিচেম্বৰত হাজিৰ হ’ব লাগিব ED কাৰ্যালয়ত(ED again summons Delhi CM Arvind Kejriwal, asks him to appear on December 21)।

এইবাৰ দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । এই গোচৰ সন্দৰ্ভত ED য়ে চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক(Delhi CM Arvind Kejriwal summoned by ED) ।ইয়াৰ পূৰ্বে এই গোচৰৰ সন্দৰ্ভত কেজৰিৱালক চলিত বৰ্ষৰ এপ্ৰিল, অক্টোবৰ আৰু ২ ডিচেম্বৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমন কৰিছিল(Arvind Kejriwal Summoned By Probe Agency On Thursday In Liquor Policy Case) ৷

২ ডিচেম্বৰত কেজৰিৱালক চমন জাৰি কৰিছিল কিন্তু কেজৰিৱালে সেই জাননী অবৈধ বুলি কয় সেয়া বাতিল কৰাৰ দাবী কৰিছিল আৰু ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল(ED summons to Arvind Kejriwal for questioning in Delhi excise policy case)।

উল্লেখ্য যে, ১৯ ডিচেম্বৰত কেজৰিৱাল বিপাশনালৈ যোৱা কথা। প্ৰতিবছৰে তেওঁ ১০ দিনৰ বাবে বিপাশনা কৰে। এই সময়তে ইডিয়ে তেওঁক জাননী প্ৰেৰণ কৰিছে।

কিন্তু এইবাৰ কেজৰিৱাল ED কাৰ্যালয়ত হাজিৰ হয় নে নাই সেয়া লক্ষণীয় হ’ব।

লগতে পঢ়ক : Massive Earthquake Strikes China : ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি; নিহত শতাধিক লোক , আহত দুই সহস্রাধিক লোক