Local, Vocal, Global

Bhajan Lal Sharma to take oath as Rajasthan CM Tomorrow : শুকুৰবাৰে ৰাজস্থানৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান

নেশ্যনেল ডেস্ক, ১৪ডিচেম্বৰ : শুকুৰবাৰে ৰাজস্থানৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুস্থান । সকলো জল্পনা কল্পনা অন্তত শুকুৰবাৰে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভজন লাল শৰ্মাই(Bhajan Lal Sharma to take oath as Rajasthan CM Tomorrow) ।

উল্লেখ্য যে, ছাংগানেৰ সমষ্টিৰ বিধায়ক ভজন লাল শৰ্মা। ৰাজস্থান বিজেপিৰ সাধাৰণ সম্পাদক আছিল শৰ্মা। মঙলবাৰে জয়পুৰত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চূড়ান্ত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হৈছিল ।

শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিজেপিশাসিত ৬ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, এগৰাকী উপ-মুখ্যমন্ত্ৰী, ৯ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ভজনলাল শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাই । একেদৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিশেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি বিজেপি সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, গজেন্দ্ৰ সিং শ্বেখাৱত, অৰ্জুন মেঘৱাল, নীতিন গাডকাৰী, মনসুখ মাণ্ডৱ্য়, ৰামদাস আঠাৱালে, কৈলাস চৌধুৰী, বিশেশ্বৰ টুডু আৰু প্ৰদেশ প্ৰভাৰী অৰুণ সিঙেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব(Bhajan Lal Sharma to take oath as Rajasthan CM tomorrow; PM Modi to attend) ।

এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব জয়পুৰত । এই শপত গ্ৰহণ অনুষ্ঠানৰ বাব এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে । অশোক গেহলট আৰু শচীন পাইলটৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত, এতিয়া ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানো এলবাৰ্ট হলত অনুষ্ঠিত হ’ব । এই সময়ছোৱাত প্ৰস্তুতিৰ কাৰণে দুদিনৰ বাবে ৰামনিবাস বাগত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে । ইয়াৰ উপৰি নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ ৰাম নিৱাস বাগৰ ভিতৰত যান-বাহন চলাচল বন্ধ ৰখা হ’ব ।

জানিব পৰা মতে, এই শপত গ্ৰহণ অনুষ্ঠান বাবে ৰাজ্যখনৰ মুখ্য সচিব ঊষা শৰ্মাই বুধবাৰে সন্ধিয়া শপত গ্ৰহণ অনুষ্ঠানৰ কাৰ্যসূচী প্ৰস্তুতি সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত কৰে । বৈঠকত উচ্চ পদস্থ বিষয়াসকলক নিৰাপত্তা, যান-বাহন, চিকিৎসা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা আদি সম্পৰ্কে নিৰ্দেশনা দিয়া হয় । মুখ্য সচিবে যান-বাহনৰ চলাচল সঠিক কৰি ৰাখিবলৈ আৰু স্বাভাৱিক জীৱন যাতে প্ৰভাৱিত নহয় তাৰ বাবে গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰে(Bhajan Lal Sharma to take oath as Rajasthan CM tomorrow) ।

লগতে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈও মুখ্য সচিবে নিৰ্দেশ দিয়ে । তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰৱেশ-প্ৰস্থানৰ পথ পৰিকল্পনা, জৰুৰীকালীন চিকিৎসা ব্যৱস্থা, অগ্নিনিৰ্বাপক ব্যৱস্থা সন্দৰ্ভতো নিৰ্দেশনা প্ৰদান কৰে ।

লগতে পঢ়ক :APSC Scam : এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ ; SITত হাজিৰ APS নিতুমণি দাস, APS ঋতুৰাজ দলে