Mizoram Assembly Election Result 2023 :মিজোৰামত ZPMৰ অগ্ৰগতি,মেজিক নম্বৰ পাৰ কৰিলে ZPMয়ে

নিউজ ডেস্ক, ৪ডিচেম্বৰ : মিজোৰামত ZPM ৰ ধুমুহা । মিজোৰামত ZPM ৰ জয়জয়কাৰ । ২৯ টাকৈ সমষ্টিত ZPM ৰ প্ৰাৰ্থীৰ অগ্ৰগতি । নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে নতুন ৰাজনৈতিক ইতিহাস গঢ়াৰ পথত ZPM (Mizoram Assembly Election Result 2023)।
ইফালে ৭ খন আসনত আগবাঢ়ি আছে MNF। বিজেপি তিনিখন আখনত আগবাঢ়ি আছে আৰু মাত্ৰ এখন আসনত অগ্ৰগতি কংগ্ৰেছৰ ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ২৯ খন আসনত অগ্ৰগতি লাভ কৰি আছে জেডপিএমে। ইয়াৰে কেইখনমান আসনত ইতিমধ্যে জয়লাভো কৰিছে দলটোয়ে। ইতিমধ্যে পৰাস্ত হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা। আইজল ইষ্ট-১ ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল থাংগাই(Mizoram Assembly Election Result) ।
সমষ্টিটোত জয়লাভ কৰে জেডপিএমৰ প্ৰাৰ্থী লালডো হোমাই। ২১০১ টা ভোটত পৰাজয় বৰণ কৰে জোৰাম থাংগাই।
উল্লেখ্য যে, ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ মেজিক নম্বৰ ২১ । ইতিমধ্যে এয়া স্পষ্ট হৈ পৰিছে যে জেডপিএম চৰকাৰ গঠন কৰিব মিজোৰামত। মাত্ৰ কেইটামান মূহুৰ্তৰ পাছতে ওলাই পৰিব চূড়ান্ত ফলাফল।
লগতে পঢ়ক : Mizoram Assembly Election Result 2023 : মিজোৰামত কাৰ অগ্ৰগতি, সবিশেষ