Rahul Gandhi addresses rally in Rajasthan : “এই দেশ ঘৃণাৰ দেশ নহয়; এই দেশ প্ৰেম, ভাতৃত্ববোধ আৰু সন্মানৰ দেশ : ৰাহুল গান্ধী
নিউজ ডেস্ক, ২১ নৱেম্বৰ : নিৰ্বাচন পূৰ্বে ৰাজস্থানৰ মেৱাড় ভ্ৰমণ কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ ।মেৱাড় ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কংগ্ৰেছ সভাপতি গৰাকীৰ । ৰাজস্থান বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈছে শাসক বিৰোধী । তুংগ উঠিছে ৰাজনৈতিক মহল । আৰম্ভ হৈছে শাসক বিৰোধীৰ মাজত বাকযুদ্ধ । ইফালে কংগ্ৰেছ দলে বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে(Rahul Gandhi addresses rally in Rajasthan) ।
পূৰ্বক তুলনাত ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্য বৰ্তমান শীৰ্ষত উপনীত হৈছে । তাৰ মাজতে মঙলবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মেৱাড় ভ্ৰমণ কৰে ।
মেৱাড় ভ্ৰমণ কৰি কংগ্ৰেছ সভাপতি গৰাকীয়ে উদয়পুৰৰ বল্লভনগৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰীতি শক্তাৱতৰ সমৰ্থনত এখন ৰাজহুৱা সভা সম্বোধন কৰে । সভা সম্বোধন কৰি কংগ্ৰেছ সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু আদানিক তীব্ৰভাৱে আক্ৰমণ কৰে ।
প্ৰধানমন্ত্ৰী মোদী আৰু আদানিক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, “এই দেশ ঘৃণাৰ দেশ নহয় । এই দেশ হৈছে প্ৰেম, ভাতৃত্ববোধ আৰু সন্মানৰ দেশ । ঘৃণাৰ বজাৰত আমি প্ৰেমৰ দোকান এখন খুলিব লাগিব ।
বিজেপিয়ে নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ বাবে দেশত ঘৃণা বিয়পাই আছে । এই দুটা বিষয়ৰ পৰা মনোযোগ আঁতৰাবলৈ বিজেপিয়ে ঘৃণাৰ সৃষ্টি কৰে ।
তেওঁলোকৰ লক্ষ্য হৈছে দৰিদ্ৰ, জনজাতীয় আৰু দলিতসকলক নিজৰ সম্পদৰ পৰা আঁতৰত ৰখা । এই ধন কেৱল কোটিপতিৰ হাতত থাকিব লাগে । এয়াই তেওঁলোকৰ প্ৰচেষ্টা ।”
লগতে কংগ্ৰেছ সভাপতি গৰাকীয়ে কয় যে আমি আপোনালোকক জনজাতীয় বুলি কওঁ । আনহাতে, বিজেপিয়ে আপোনালোকক বনবাসী বুলি কয় । দেশৰ ভূমি, পানী, অৰণ্য জনজাতীয় লোকসকলৰ আছিল । আমাৰ চৰকাৰ যদি শাসনলৈ আহে, আমি এই তিনিটা বস্তু আপোনালোকক দিম । আপোনালোক হৈছে এই দেশৰ প্ৰথম গৰাকী । আমি আপোনালোকক সকলো অধিকাৰ দিম । আনহাতে, বনবাসীসকলৰ কোনো অধিকাৰ নাই । তেওঁলোকে আপোনালোকক পশু জ্ঞান কৰে ।