Local, Vocal, Global

BJP Leader Dead Body Found Hanging From Tree : চিপ লৈ গছৰ ডালত ওলমি থকা অৱস্থাত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ ।

নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ : ৰহস্যজনক মৃত্য়ু বিজেপি নেতাৰ । চিপ লৈ গছৰ ডালত ওলমি থকা অৱস্থাত উদ্ধাৰ স্থানীয় বিজেপি নেতাৰ মৃতদেহ ।

বুধবাৰে সংঘটিত হৈছে এই ঘটনাৰ । বুধবাৰে পশ্চিম বংগৰ বাংকুৰা জিলাৰ নিধিৰামপুৰ গাঁৱত গছৰ ডালত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী স্থানীয় বিজেপি নেতাৰ মৃতদেহ ( BJP Leader Dead Body Found Hanging From Tree )।

জানিব পৰা মতে, নেতাজনক শেহতীয়াকৈ সমাপ্ত হোৱা পশ্চিম বংগৰ তিনি স্তৰীয় পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শুভদীপ মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে (BJP Leader Found Hanging From Tree In Bengal)।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি ,শুভদীপ মিশ্ৰ যোৱা সাত দিন ধৰি নিৰুদ্দেশ হৈ আছিল আৰু অৱশেষত বুধবাৰে পুৱা তেওঁৰ মৃতদেহ অঞ্চলটোৰ এজোপা গছত ওলমি থকা অৱস্থাত প্ৰত্য়ক্ষ কৰে ।

উল্লেখ্য যে,ছিপ লৈ গছৰ ডালত ওলমি থকা অৱস্থাত মৃতদেহটো হাত দুখন বান্ধি থোৱা আছিল । এই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক ঘটনাৰ সম্পৰ্কে খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ছাল্টোৰা বিধানসভা সমষ্টিৰ স্থানীয় বিজেপি বিধায়ক চন্দনা বাউৰীয়ে প্ৰতিবাদ কৰে আৰু মৃতদেহটো পুলিচৰ হাতত গতাই দিবলৈ অস্বীকাৰ কৰে । মৃত বিজেপি নেতাগৰাকীৰ মৃতদেহ লৈ যোৱাত বাধা প্ৰদান কৰি বাউৰীয়ে আৰক্ষীৰ বাহনখনৰ সন্মুখত শুই পৰে(BJP Leader Subhadeep Mishra’s Dead Body Found Hanging From Tree In Bankura) ।

ইফালে বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে দাবী কৰা অনুসৰি, শাসকীয় তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত স্থানীয় গুণ্ডাই মৃত বিজেপি নেতাগৰাকীৰ হত্যা কৰা বুলি কয় । এই বিষয়ত বাংকুৰা জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ তিৱাৰীৰ ভূমিকাও পুংখানুপুংখভাৱে তদন্ত কৰিবলৈও দাবী জনায় বিৰোধী দলপতিগৰাকীয়ে ।

বিৰোধী দলৰ নেতাই দাবী কৰে যে, টিএমচিৰ গুণ্ডাই শুভদীপ মিশ্ৰক হত্যা কৰি হাত বান্ধি মৃতদেহ গছত ওলোমাই থৈছে । বাংকুৰা জিলাৰ শুভদীপ মিশ্ৰই ২০২৩ চনৰ পঞ্চায়ত নিৰ্বাচনত নিধিৰামপুৰৰ পৰা সালতোৰা বিধানসভা সমষ্টিৰ গংগাজলঘাটি ব্লকৰ লটিয়াবনি আঞ্চলত বিজেপিৰ প্ৰাৰ্থী আছিল ৷ টিএমচিৰ চোৰ আৰু গুণ্ডাই তেওঁৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু দুৰ্নীতিৰ বিৰোধী স্থিতি হজম কৰিব নোৱাৰাৰ বাবে হত্যা কৰিছে ।’’ Xত এক পোষ্টত অধিকাৰীয়ে এইদৰে কয় ।”এইটো এটা হত্যাকাণ্ড । যি ভিডিঅ’ উপলব্ধ, যিটো ভিডিঅ’ ময়ো এক্সত মুখখন ম্লান কৰি পোষ্ট কৰিছো, তাত স্পষ্টকৈ দেখা গৈছে যে তেওঁৰ হাত বন্ধা আছে । কোনোৱে হাত বান্ধি গছত ওলমি থাকিব নোৱাৰে । স্পষ্ট যে তেওঁৰ বান্ধি থৈ তাৰ পিছত গছত ওলোমাই থোৱা হ’ল । আমি ভাবো যে এয়া ৰাজনৈতিক হত্যাকাণ্ড আৰু ইয়াৰ লগত আৰক্ষী আৰু তৃণমূল কংগ্ৰেছৰ গুণ্ডা জড়িত হৈ আছে । পৰিয়ালৰ দাবীত আমি একমত, আৰু আমিও চিবিআইৰ তদন্তৰ দাবী জনাইছো ৷” তেওঁ লগতে কয় ।

সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি, মিশ্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল গাঁৱৰ এগৰাকী বিবাহিতা মহিলাৰ লগত । পৰিয়ালৰলোকে দাবী কৰা অনুসৰি মহিলাৰ পৰিয়ালে হত্যা কৰা বুলি অভিযোগ কৰে ।

লগতে পঢ়ক : Two Including Woman Found Shot Dead In Kangchup : অশান্ত মণিপুৰৰ পৰা আহিছে আন এক হিংসাত্মক ঘটনাৰ খবৰ