Local, Vocal, Global

Controversial statement : গ্ৰেপ্তাৰ বিধায়ক আফতাব উদ্দীন মোল্লা; উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল বিধায়ক

নিউজ ডেস্ক, ৮ নৱেম্বৰ : গ্ৰেপ্তাৰ কংগ্ৰেছী বিধায়ক আফতাব উদ্দীন মোল্লা । উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছী বিধায়ক । সমাগত লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে বোকাচতিয়া ৰাজনীতি । তাৰ মাজতে আৰম্ভ হৈছে এতিয়া জাত-পাত তথা ঘৃণাৰ ৰাজনীতি । কংগ্ৰেছ ,বিজেপি , এ আই ইউ ডি এফ ধৰে সকলো এতিয়া নামিছে ঘৃণাৰ ৰাজনীতি বিয়পাত । প্ৰতিটো দলে আৰম্ভ কৰিছে সাম্প্ৰদায়িক মন্তব্য কৰাত(Controversial statement) ।

মঙলবাৰে নিশা দিশপুৰ আৰক্ষীয়ে আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে বিধায়ক আফতাব উদ্দীন মোল্লাক। জানিব পৰা মতে, বিধায়ক আবাসৰ এফ ব্লকত থকা দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিধায়ক আবাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আফতাব উদ্দিন মোল্লাক(APCC Issues Show Cause Notice to Goalpara MLA for Making Hateful Remarks Against Hindus) ।

উল্লেখ্য যে, হিন্দু ধৰ্মক লৈ ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰি ৰোষত পৰে জলেশ্বৰ সমষ্টিৰ বিধায়কগৰাকী। জলেশ্বৰৰ এখন দলীয় সভাত স্থানীয় কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাই মন্তব্য কৰিছিল যে য’ত ধৰ্ষণ হয়, তাতেই দেখিব মন্দিৰৰ সাধু নাইবা নামঘৰীয়া ৷ কোনো মুছলমান আলমে এনে কাম নকৰে ৷ যদি কৰিছে তেন্তে প্ৰমাণ দিয়ক ৷ সমাজত যদি ব্যভিচাৰ অথবা বেয়া কাম কৰে, তেন্তে হিন্দু মানুহে কৰে, মুছলমানে নকৰে ৷ এই মন্তব্যৰ দ্বাৰা আফতাব উদ্দিন মোল্লাই নামঘৰীয়া আৰু মন্দিৰৰ সাধুক ধৰ্ষণকাৰী আখ্যা দিয়া দেখা যায় ৷ তাৰ পিচতেই বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হয় ৷

এই মন্তব্যৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। ভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এখন এজাহাৰ। এই এজাহাৰৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি জলেশ্বৰৰ কংগ্ৰেছী বিধায়কজনক গ্ৰেপ্তাৰ কৰে(Assam Congress issues show cause notice to Goalpara MLA for making hateful comments against Hindus)।

মঙলবাৰে নিশা প্রায় ৯.৫৫ বজাত গ্ৰেপ্তাৰ কৰে বিধায়কজনক। বৰ্তমান গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ ডি চি পিৰ কাৰ্যালয়ত আৰক্ষীয়ে বিধায়কগৰাকীক অব্যাহত ৰাখিছে সোধা-পোছা। দলৰ ফালৰ পৰা ইতিমধ্যে বিধায়কজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

লগতে পঢ়ক : Israel-Hamas war : নিজৰ স্থিতিত অটল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু; কোনো কাৰণতে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীৰ