Local, Vocal, Global

Chhattisgarh Assembly election : ৭ নৱেম্বৰত ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক, ৬নৱেম্বৰ : দেশত পাঁচখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন । এই বছৰতে পাঁচখন ৰাজ্যত অনুষ্ঠিত হয় নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী । নিৰ্বাচনৰ বাবে ইতিমধ্য়ে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধীৰ মাজত(Chhattisgarh Assembly election) । নিৰ্বাচন প্ৰচাৰৰ মাজতে শাসক-বিৰোধীৰ মাজত অব্যাহত আছে ৰাজনৈতিক যুদ্ধ ।

৭ নৱেম্বৰ অনুষ্ঠিত হ’ব ছত্তীশগড়ৰ বিধানসভাৰ নিৰ্বাচন । মঙলবাৰে ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব(Chhattisgarh to kickstart poll battle tomorrow)।

উল্লেখ্য যে, ৯০ খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব। ইয়াৰোপৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১৭ নৱেম্বৰত ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব।

ইতিমধ্য়ে ছত্তীশগড়ৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সময়সূচীও মুকলি কৰা হৈছে। এই অনুসৰি মঙলবাৰে পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ ১০ খন বিধানসভা আসনত আৰু বাকী ১০ খন আসনত পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব(Chhattisgarh, Mizoram to kickstart poll battle tomorrow)।

ছত্তীশগড়ৰ এই ২০ টা এলেকাত নক্সালবাদীৰ প্ৰভাৱ বেছি। নক্সালবাদীসকলে নিৰ্বাচন বৰ্জন কৰে আৰু কেতিয়াবা হিংসাত্মক কাৰ্যকালাপো সংঘটিত কৰে। যাৰ বাবে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাতো প্ৰত্যাহ্বান হৈ পৰে।

লগতে পঢ়ক : Mizoram Assembly polls: ৭ নৱেম্বৰত মিজোৰাম বিধানসভা নিৰ্বাচন; নিৰ্বাচনৰ বাবে আৰম্ভ নিৰ্বাচনী প্ৰস্তুতি