Mizoram Assembly polls: ৭ নৱেম্বৰত মিজোৰাম বিধানসভা নিৰ্বাচন; নিৰ্বাচনৰ বাবে আৰম্ভ নিৰ্বাচনী প্ৰস্তুতি
নেশ্যনেল ডেস্ক. ৬নৱেম্বৰ : ৭ নৱেম্বৰত মিজোৰাম বিধানসভা নিৰ্বাচন(Mizoram Assembly polls) । ইতিমধ্যে সমাপ্ত হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ। প্ৰায় এমাহ ধৰি চলা প্ৰচাৰ অভিযান দেওবাৰে সন্ধিয়াই ৪বজাত সমাপ্ত হয় । প্ৰায় এমাহ জুৰি হোৱা প্ৰচাৰ অভিযানত সংঘটিত হোৱা নাই কোনো অনৈতিক কাৰ্যকালাপ ।
ইতিমধ্য়ে ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে লংটলাই জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ কৰ্মী প্ৰেৰণৰ কাম দেওবাৰৰ পৰা আৰম্ভ হৈছে । দেওবাৰৰ পৰা চৰকাৰী লংটলাই মহাবিদ্যালয়ৰ ৮৬ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ বিষয়া প্ৰেৰণৰ কাম আৰম্ভ হয়(Dispatching of polling officials commences for Lawngtkai district) ।
ভোটগ্ৰহণৰ দিনা কেইবাঘণ্টা পূৰ্বৰে পৰা সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে এই বিষয়াসকলক । লংটলাই জিলাত১৮১ টা ভোটকেন্দ্ৰ আছে, ইয়াৰে ৭০ টা ভোটকেন্দ্ৰ ৩৬ টুইচাং বিধানসভা সমষ্টিৰ ভিতৰত, ৬৯ টা ভোটকেন্দ্ৰ ৩৭ লাউংটলাই পশ্চিমত আৰু ৪২ টা ভোটকেন্দ্ৰ ৩৮ লোৱাংটলাই পূৱ বিধানসভা সমষ্টিৰ ভিতৰত । বাকী ৯৫ টা ভোটকেন্দ্ৰৰ ভোটগ্ৰহণ বিষয়াকো অহা ৬ নৱেম্বৰৰ পুৱা প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ।
মিজোৰামৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি সমগ্ৰ ৰাজ্যৰ ১২৭৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ৩০ টা ভোটকেন্দ্ৰৰ স্থান কিছু জটিল বুলি চিনাক্ত কৰা হৈছে । মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভোটকেন্দ্ৰসমূহত প্ৰায় ৫০০০ ভোটগ্ৰহণকাৰীক নিয়োগ কৰা হ’ব ।এই নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰায় ৫০ টা বাহিনী নিয়োগ কৰা হ’ব বুলিও মিজোৰামৰ মুখ্য কাৰ্যবাহী বিষয়াই জানিবলৈ দিয়ে ৷
আনহাতে, মিজোৰাম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৩ সুচাৰুৰূপে চলাবৰ বাবে চলি থকা প্ৰস্তুতিৰ অংশ হিচাপে পি. ৩৯-ছাইহা (ST) আৰু ৪০-পালক (ST) বিধানসভা সমষ্টিৰ নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক প্ৰদ্যুমনাই পি-2 ভোটগ্ৰহণ বিষয়াক ফ্লেগ অফ কৰে(Dispatching of polling officials commences for Lawngtkai district) ।
আগন্তুক মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে তৃতীয় আৰু চূড়ান্ত ভোটগ্ৰহণকাৰী দলসমূহৰ ৰেণ্ডমাইজেচন দেওবাৰে হ্নাহথিয়ালত থকা উপায়ুক্তৰ কাৰ্যালয় অনুষ্ঠিত হয় । এই কচৰৎৰ উদ্দেশ্য হৈছে এক মুক্ত আৰু নিকা নিৰ্বাচনক প্ৰসাৰ কৰা য’ত দক্ষিণ টুইপুই বিধানসভা সমষ্টিৰ ভিতৰৰ ২৭ টা ভোটকেন্দ্ৰৰ বাবে ভোটগ্ৰহণকাৰী দলসমূহক কম্পিউটাৰ চফটৱেৰ ব্যৱহাৰ কৰি নিজ নিজ কৰ্তব্যস্থান নিৰ্ধাৰণ কৰা হৈছিল ।
দেওবাৰে ৰেণ্ডমাইজেচন প্ৰক্ৰিয়াত ২৯ নং দক্ষিণ টুইপুই বিধান সভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক মহম্মদ কাইজাৰ আব্দুলহকৰ উপৰিও হ্নাহথিয়াল জিলা নিৰ্বাচনী বিষয়া চুৱাউহ্নুনা, ৰিটাৰ্নিং বিষয়া লালভেনহিমা, সহকাৰী ৰিটাৰ্নিং বিষয়া নেং থিয়ানলালা আৰু নিৰ্বাচন বিষয়া লালবিয়াকফেলা উপস্থিত থাকে । দেওবাৰে সন্ধিয়া মিজোৰামত ৰাজ্যৰ ৪০ খন বিধানসভাৰ আসনত ৭ নৱেম্বৰৰ দিনা অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে ।
চিইঅ’ মিজোৰামৰ ৱেবছাইট অনুসৰি মিজোৰামত মুঠ নিৰ্বাচকৰ সংখ্যা ৮,৫১,৮৯৫ জন । ইয়াৰে ৪,১২,৯৬৯ জন পুৰুষ; ৪,৩৮,৯২৫ জন মহিলা আৰু এজন তৃতীয় লিংগ । মিজোৰামত মুঠ ৪,৯৭৩ জন সেৱা ভোটাৰ আছে । ১৮-১৯ বছৰ বয়সৰ অৰ্থাৎ প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকৰ সংখ্যা ৫০,৬১১ জন । মিজোৰামত ভোটাৰৰ লিংগ অনুপাত ১০৬৩ জন । নিৰ্বাচনী জনসংখ্যাৰ অনুপাত ৬৩.২৭ ।
মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ১২৭৬ টা, ইয়াৰে ৫২৫ টা চহৰ অঞ্চলত আৰু ৭৫১ টা গ্ৰাম্য অঞ্চলত পৰে ।২০১৮ চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এম এন এফে ৪০ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছিল, এম এন এফে ২৮ খন আৰু কংগ্ৰেছে ৫ খন আসন লাভ কৰিছিল । বিজেপিয়ে ৩৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখন আসন লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা জেডপিএমৰ প্ৰাৰ্থীয়ে ৬ খন আসন লাভ কৰে ।
লগতে পঢ়ক : APCC president Bhupen Borah slams MP Badruddin Ajmal : বদৰুদ্দিন আজমলক নৰধম আখ্যা ভূপেন বৰাৰ