APCC president Bhupen Borah slams MP Badruddin Ajmal : বদৰুদ্দিন আজমলক নৰধম আখ্যা ভূপেন বৰাৰ

নিউজ ডেস্ক, ৫নৱেম্বৰ : নৰাধম । এতিয়া ৰাজনৈতিক মহলত চৰ্চাৰ এটা বিষয় । এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে ৰাজনৈতিক নেতাই । এজনে আন এজনৰ ওপৰত ব্যৱহাৰ কৰিছে নৰাধম শব্দক । যেন এতিয়াই নৰাধম শব্দক লৈ একাংশই ৰাজনীতি আৰম্ভ কৰিব লৈছে ।নৰাধম, কুৎসিত মানসিকতাৰ লোকক লৈ ব্যস্ত সকলো(Bhupen Borah slams MP Badruddin Ajmal ) ।
সমাগত লোকসভা নিৰ্বাচন । নিৰ্বাচনক লৈ ব্যস্ত ৰাজনৈতিক মহল । লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্য ৰাজনীতিত বৃদ্ধি পাইছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । কেৱল শাসক বিৰোধীৰ মাজতে নহয় ।বিৰোধী শিবিৰতো চলিছে বোকা ছটিওৱাৰ ৰাজনীতি(APCC president Bhupen Borah slams MP Badruddin Ajmal) ।
আৰম্ভ হৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সংঘাত । কংগ্ৰেছৰ সভাপতিয়ে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলক ‘শাস্ত্ৰৰ উদ্ধৃতি দি আক্ৰমণ কৰে ।
দেওবাৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰৰাকীয়ে কয় যে এয়া হৈছে মহাপুৰুষৰ স্থান । ইয়াত যিজনৰ কথাত প্ৰশ্ন কৰা হৈছে সেইজন নৰাধম ।
সাংসদ আজমল সন্দৰ্ভত এইদৰে সদৰী কৰি তেওঁ কয় যে নৰাধম মানে নৰৰ অধম । অৰ্থাৎ দেখিবলৈ নৰৰ দৰে কিন্তু নৰৰ অধম(APCC president Bhupen Borah slams MP Badruddin Ajmal) ।
লগতে আজমলে জাতিক কলুষিত কৰিব বিচাৰে বুলি সদৰী কৰি তেওঁ নামঘোষাৰ প্ৰসংগৰে কয় যে অধমে কেৱল দোষহে দেখা পায় । অৱশ্যে তেওঁ আজমলৰ নাম উল্লেখ নকৰাকৈ আজমলক নৰাধম আখ্যা দিয়ে । তেওঁ লগতে কয় যে এনেধৰণৰ কুৎসিত মানসিকতাৰ লোকে স্থান নাপাই বিৰোধী ঐক্য মঞ্চত । স্কুলত পঢ়ি থকা ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৱে জানে নৰধম কোন । জাতি কলুষিত আৰু নিম্ন পৰ্যায়লৈ লৈ যাব বিচাৰে এই নৰধমে ।