Sardar Patel birth anniversary : চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ
নেশ্যনেল ডেস্ক,৩১অক্টোবৰ : আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ । চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে ভাৰতবৰ্ষত প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে উদযাপন কৰে ।
আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী । তাৰ লগত সংগতি ৰাখি দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন কৰা হৈছে(Sardar Patel birth anniversary) ।
আজি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী৷ ১৪৮ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষ্যে গুজৰাটত কেন্দ্ৰীয় কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধান মন্ত্ৰীগৰাকীয়ে গুজৰাটত উপস্থিত হৈ নৰ্মদা নদীৰ ওপৰত নিৰ্মিত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তী ‘ষ্টেচু অৱ ইউনিটিত’ত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে(PM Modi, Amit Shah Pay Tribute To Sardar Patel On His Birth Anniversary) ।
ইফালে মঙলবাৰে পুৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰে । ৰাষ্ট্ৰপতিগৰাকীৰ উপৰিও উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেইবাগৰাকী বিশিষ্ট নেতাই চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (PM Modi, Amit Shah Pay Tribute To Sardar Patel On His Birth Anniversary)।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় ৰাজধানীৰ পেটেল চকত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি মূৰ্মু, উপ-ৰাষ্ট্ৰপতি ধনখড়, অমিত শ্বাহ আৰু অন্যান্য নেতাসকলে ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে চৰ্দাৰ বল্লভভাই পেটেলে দৃঢ় ইচ্ছা শক্তি, ৰাজনৈতিক জ্ঞান আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কেইবাটাও ভাগত বিভক্ত ভাৰতক এক ঐক্যবদ্ধ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত জোৰ দিছিল । তেওঁৰ মতে দেশৰ প্ৰথম গৃহ মন্ত্ৰী হিচাপে চৰ্দাৰ বল্লভভাই পেটেলৰ সমৰ্পিত জীৱন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ তেওঁৰ কৰ্মই দেশবাসীক সদায় অনুপ্ৰাণিত কৰি থাকিব ।
আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও লক্ষ্ণৌত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত ‘ৰান ফৰ ইউনিটি’ৰ শুভাৰম্ভ কৰে । কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ওড়িশাৰ কটক জিলাত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘ৰান ফৰ ইউনিটি’ত অংশগ্ৰহণ কৰে ।
আহমেদাবাদত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দৰ পেটেলেও ‘ৰান ফৰ ইউনিটি’ৰ শুভাৰম্ভ কৰে । দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনা আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিয়েও পেটেল চকত আয়োজিত লৌহমানৱ পেটেলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে(PM Modi, Amit Shah Pay Tribute To Sardar Patel On His Birth Anniversary) ।