Rahul Gandhi and Priyanka campaign : তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

নেশ্যনেল ডেস্ক, ১৮অক্টোবৰ : বুধবাৰে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি তেলেংগানাত উপস্থিত হ’ব কংগ্ৰেছ নেতা(Rahul Gandhi and Priyanka campaign) ।
জানিব পৰা মতে, তিনিদিনীয়া ভ্ৰমণসূচীৰে ৮ টা সমষ্টিত প্ৰচাৰ চলাব কংগ্ৰেছৰ নেতাগৰাকীয়ে ।
আগন্তুক পাঁচখন ৰাজ্য়ত বিধানসভা নিৰ্বাচন । এইবছৰতে দেশৰ অনুষ্ঠিত হ’ব ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এই বছৰতে তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামত অনুষ্ঠিত হ’ব নিৰ্বাচন ।
আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ লৈ ইতিমধ্যে শাসক,বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি আৰম্ভ কৰিছে(Upcoming election 2023) ।
ইতিমধ্যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধীয়ে প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা।
আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় বিআৰএছ দলৰ লগতে বিজেপি আৰু কংগ্ৰেছকে ধৰি বাকী দলবোৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।
এইবাৰ কংগ্ৰেছ দলৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে । তাৰ সমান্তৰালকৈ তেলেংগানাত কংগ্ৰেছ চৰকাৰ গঠনৰ ক্ষেত্ৰত ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত কৰা দেখা গৈছে(Rahul Gandhi Priyanka to launch campaign in poll bound Telangana with bus yatra) ।
তাৰ অংশস্বৰূপে বুধবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।
উল্লেখ্য যে, বাছ যাত্ৰাৰ জৰিয়তে আজি তেলেংগানাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰিব কংগ্ৰেছে ।ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বিয়লি ৩:৩০ বজাত এক বিশেষ বিমানেৰে বেগমপেট বিমানবন্দৰত উপস্থিত হ’ব । তাৰ পাছত তেওঁলোক হেলিকপ্টাৰেৰে ৰামাপ্পা মন্দিৰলৈ ৰাওনা হ’ব ।মন্দিৰত সেৱা জনোৱাৰ পাছত দুয়োগৰাকীয়ে বাছেৰে যাত্ৰা আৰম্ভ কৰিব আৰু পাছত এক ৰেলী সম্বোধন কৰিব(Rahul Priyanka to launch campaign in poll bound Telangana with bus yatra) ।
দলীয় সূত্ৰৰ মতে, এই সময়ছোৱাত তেওঁলোকে মহিলাসকলৰ সৈতেও বাৰ্তালাপ কৰিব । ৰেলীৰ পাছত প্ৰিয়ংকা গান্ধী নতুন দিল্লীলৈ উভতিব আনহাতে ৰাহুল গান্ধীৰ তেলেংগানা প্ৰচাৰ অব্যাহত থাকিব ।
খবৰ অনুসৰি, ৰাহুল গান্ধী বুধবাৰে নিশা ভূপালপল্লীত থাকিব । ১৯ অক্টোবৰত তেওঁ সিঙ্গৰেনি কোলিয়াৰী, পেড্ডাপল্লী আৰু কৰিমনগৰত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । ২০ অক্টোবৰত তেওঁ জগতিয়ালত এখন কৃষক সভাত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছত, তেওঁ আৰমূৰ আৰু নিজামাবাদকে ধৰি অন্যান্য স্থানত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।
তেলেংগানা ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে বোধানৰ নিজাম চেনী কাৰখানা পৰিদৰ্শন কৰিব আৰু আৰমূৰৰ হালধি আৰু কুঁহিয়াৰ খেতিয়কৰ সৈতে বাৰ্তালাপ কৰিব বুলি আশা কৰা হৈছে ।