Priyanka Gandhi Dhar Visit : প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ !
নেশ্যনেল ডেস্ক, ৫অক্টোবৰ : আগন্তুক বিধানসভা নিৰ্বাচন । নিৰ্বাচনমুখী মধ্যপ্ৰদেশ ব্যস্ত হৈ পৰিছে নিৰ্বাচনৰ প্ৰস্ততিৰ বাবে । শাসক-বিৰোধীৰ পক্ষই ব্যস্ত হৈ পৰিছে নিৰ্বাচনৰ বাবে । মধ্যপ্ৰদেশত এতিয়াই ভিৰ কৰিছে বহু শীৰ্ষ নেতাই(Priyanka Gandhi Dhar Visit) ।
কংগ্ৰেছ দলেও এতিয়াই নিৰ্বাচনৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে মধ্যপ্ৰদেশ উপস্থিত হয় প্ৰিয়ংকা গান্ধী । বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ মোহনখেদাত বৃহস্পতিবাৰে এখন ৰাজহুৱা সভাত অংশ লয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।
অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে । প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে । তেওঁ ভাষণথ কয় প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত চৰকাৰী সংস্থাসমূহৰ নিৰন্তৰ অপব্যৱহাৰ হৈ আহিছে । বিৰোধী দলসমূহৰ নেতাসকলক ED ৰ জৰিয়তে হাৰাশাস্তি কৰি আছে । তেওঁ লগতে কয় এতিয়া চৰকাৰৰ নিৰ্দেশত ED স্বেচ্ছাচাৰী হৈ উঠিছে(Priyanka Gandhi raises questions on ED`s action) ।
প্ৰিয়ংকা গান্ধীয়ে ভাষণথ কেলেংকাৰী সন্দৰ্ভতো কয় যে, যোৱা ১৮ বছৰ ধৰি মধ্যপ্ৰদেশত ২৫০ৰো অধিক কেলেংকাৰী সংঘটিত হৈছে । ED য়ে এই কেলেংকাৰী সন্দৰ্ভত কোনো ধৰণৰ তালাচী চলোৱা কিয় নাই ?
প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন কৰে বিজেপি শাসিত ৰাজ্যসমূহত ED ৰ অভিযান কিয় চলোৱা হোৱা নহয় । চৰকাৰী সংস্থাসমূহে কিয় বিজেপি নেতা আৰু বিষয়াসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।
মধ্যপ্ৰদেশৰ কেলেংকাৰী সন্দৰ্ভতো প্ৰিয়ংকা গান্ধীয়ে কয় যে প্ৰকৃত কেলেংকাৰী কৰাসকলক মুকলি কৰি দিয়া হৈছে ।
প্ৰিয়ংকা গান্ধীৰ মতে মধ্যপ্ৰদেশৰ শিৱৰাজ চৰকাৰৰ কাৰ্যকালত ইমান কেলেংকাৰী সংঘটিত হৈছিল যে গণনা কৰি লোক ভাগৰি যাব ।
প্ৰিয়ংকা গান্ধীয়ে কয় যে যিবোৰ ৰাজ্যত কংগ্ৰেছ চৰকাৰ আছে সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে । মধ্যপ্ৰদেশৰ বাবে তেওঁ পুনৰ এবাৰ গেৰান্টি পুনৰাবৃত্তি কৰে । তেওঁৰ মতে মধ্যপ্ৰদেশত কংগ্ৰেছ চৰকাৰ গঠন হ’লে গেৰান্টিসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ’ব । গেৰান্টিসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে কৃষকসকলৰ ঋণ ৰেহাই, ১০০ টকাত ১০০ ইউনিট বিদ্যুৎ আৰু ২০০ ইউনিটত বিদ্যুৎ মাচুল আধা লোৱা হ’ব । তেওঁৰ মতে পেঞ্চন আঁচনিও তৎক্ষণাৎ কাৰ্যকৰী কৰা হ’ব । লোকসকলক ৫০০ টকাত গেছ চিলিণ্ডাৰ দিয়া হ’ব, মহিলাসকলৰ একাউণ্টলৈ ১৫০০ টকা স্থানান্তৰ কৰা হ’ব । ইফালে কৃষকসকলৰ বাবে ৫ হৰ্চ পাৱাৰৰ জলসিঞ্চনৰ বাবে বিদ্যুতৰ বিল ৰেহাই দিয়া হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।