Local, Vocal, Global

AAP Youth Leader Injured in Attack by BJP Workers : আপ নেতাক আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে

ডিজিটেল ডেস্ক, ২অক্টোবৰ : নগাঁৱত চাঞ্চল্যৰ ঘটনা । নগাঁৱত আপৰ নেতাক প্ৰহাৰ বিজেপি কৰ্মীৰ । নগাঁও চহৰৰ লক্ষ্মীনগৰ চাৰিআলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । নগাঁৱত আম আদমী পাৰ্টীৰ নেতাক বিজেপি কৰ্মীৰ আক্ৰমণৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি হোৱা আপৰ যুৱ নেতাগৰাকীৰ নাম ৰ’জ ৰাশ্বিদ কাকতি বুলি জানিব পৰা গৈছে (Clash between BJP and AAP in Nagaon) ।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া ৰ’জ ৰচিদ কাকতি নামৰ আপৰ নেতাগৰাকীয়ে দোকানৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল ৷ তেনে সময়তে বিজেপি আৰু আম আদমী পাৰ্টীক লৈ তৰ্ক যুদ্ধত লিপ্ত হয় ৰ’জ ৰচিদ কাকতি আৰু বিজেপি সমৰ্থকগৰাকীৰ মাজত । তাৰ পিছতেই আম আদমী পাৰ্টীৰ নেতাগৰাকীক বিজেপি সমৰ্থকগৰাকীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে কথা কোৱাৰ বাবেই প্ৰহাৰ কৰাৰ অভিযোগ আম আদমী পাৰ্টীৰ নেতাক(APP Youth Leader Injured in Attack by BJP Workers) ।

উল্লেখ্য যে, পুতুল বৰা আৰু ভাস্কৰ নামৰ দুই যুৱকৰ বিৰুদ্ধে উঠিছে প্ৰহাৰ কৰাৰ অভিযোগ । পুতুল বৰা আৰু ভাস্কৰ দুয়োজন যুৱক বিজেপি দলৰ সমৰ্থক বুলি সন্দেহ প্ৰকাশ কৰিছে আপৰ নেতাগৰাকীয়ে । ইতিমধ্যে হয়বৰগাঁও আৰক্ষী চকীত যুৱকদুজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আপ নেতাগৰাকীক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ৷ আপৰ যুৱ নেতা কাকতিয়ে নাকত গুৰুতৰভাৱে আঘাপ্ৰাপ্ত হয়। ঘটনাক লৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :Guwahati Honey trapping case : মহানগৰীত হানি ট্ৰেপিঙৰ ঘটনা, হানি ট্ৰেপিঙৰ বলি বহিঃৰাজ্যৰ যুৱক