Manipur violence: ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনাৰ

নেশ্যনেল ডেস্ক, ২৬ছেপ্টেম্বৰ : সুৰ্দীৰ্ঘ চাৰি মাহৰ অন্তত ২৩ ছেপ্টেম্বৰৰ পৰা মণিপুৰত মুকলি কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা । উল্লেখ্য যে, চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে মণিপুৰত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। তাৰ পিছতে শণিবাৰে মুকলি কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা(Manipur violence) ।
২৩ ছেপ্টেম্বৰত ৰাজ্যখনত ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনাৰ তথ্য । পোহৰলৈ আহিছে দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ছবি । জানিব পৰা মতে, বিগত বৰ্ষত জুলাই মাহতে নিখোঁজ হৈছিল শিক্ষাৰ্থী দুগৰাকী । দীৰ্ঘদিনে সন্ধানহীন হৈ থকা শিক্ষাৰ্থী দুগৰাকীক সন্ধান বিচাৰি আছিল যদিও কোনো ধৰণৰ তথ্য পোৱা নাছিল । কিন্তু ২৩ ছেপ্টেম্বৰ দিনা ৰাজ্যখনত ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে দুয়োৰে মৃতদেহৰ ছবি পোহৰলৈ আহিছে(Photos of missing students found dead go viral) ।
প্ৰথম ছবিখনত দুজন অস্ত্ৰধাৰীৰ লগত শিক্ষাৰ্থী দুগৰাকী বহি থকা দেখা গৈছে আৰু দ্বিতীয় ছবিখনত মূৰ কাটি পেলোৱা শিক্ষাৰ্থী দুগৰাকীৰ মৃতদেহ । মৃতদেহৰ পাছফালে অস্ত্ৰ হাতত লৈ ৰৈ আছে দুজন ব্যক্তি। শিক্ষাৰ্থী দুগৰাকী নিৰুদ্দেশ হোৱাৰ দুদিন পিছতে অৰ্থাত ৮ জুলাইত এই ফটোসমূহ তোলা হৈছিল(Photos show 2 missing students killed in presence of armed men )।
উল্লেখ্য যে, জুলাই মাহতেই নিখোঁজ হোৱা শিক্ষাৰ্থী দুগৰাকীৰ সন্ধান বিচাৰি অভিযান চলাই আছিল । অভিযানৰ সময়তে স্থানীয় চিচি টিভি কেমেৰাত তেওঁলোক দুয়োকে দেখা পোৱা গৈছিল যদিও কোনো সন্ধান উলিয়াব পৰা নাছিলে ।
অৱশ্যে এই পৰ্যন্ত শিক্ষাৰ্থী দুগৰাকীৰ হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই। মেইটেই সম্প্ৰদায়ৰ এই দুই ছাত্ৰক বিদ্ৰোহীয়ে হত্যা কৰিছে বুলি অনুমান কৰা হৈছে। মণিপুৰ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাইৰেল হোৱা ফটোৰ পাছফালে অস্ত্ৰলৈ ৰৈ থকা দুই দুৰ্বৃত্তক বিশেষ চাইবাৰ ফৰেনিছিক পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব। দুয়োখন ফটো সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে মণিপুৰ চৰকাৰে।
বিবৃতিত তেওঁলোকে কৈছে, দুই শিক্ষীৰ্থীৰ মৃতদেহৰ ছবি পোহৰলৈ অহাৰ বিষয়টি ৰাজ্য চৰকাৰৰ দৃষ্টিলৈ আহিছে। ৰাজ্যবাসীৰ ইচ্ছা অনুসৰি এই ঘটনাৰ তদন্ত চি বি আইৰ হাতত তুলি দিয়া হৈছে। ইয়াৰোপৰি ৰাজ্যৰ আৰক্ষীয়েও তদন্ত চলাই আছে। দুই দুৰ্বৃত্তৰ পৰিচয় উদ্ধাৰ কৰিবলৈ তদন্তকাৰীসকলে চেষ্টা অব্যাহত ৰাখিছে। সেয়েহে সৰ্বসাধাৰণক শান্ত হৈ থাকিবলৈ আহ্বান জনাইছে ৰাজ্য প্ৰশাসনে।
এই ভয়ংকৰ ঘটনাৰ ফটো ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ মণিপুৰক লৈ দেশজুৰি চৰ্চা আৰম্ভ হৈছে লগতে দেশজুৰি এই ঘটনাক লৈ সকলোৱে নিন্দা আৰম্ভ কৰিছে ।