Local, Vocal, Global

Mobile internet services in Manipur to be restored today : আজিৰে পৰা মণিপুৰত মুকলি হ’ল ইণ্টাৰনেট সেৱা

নেশ্যনেল ডেস্ক,২৩ছেপ্টেম্বৰ : আজিৰে পৰা মুকলি হ’ল মণিপুৰত ইণ্টাৰনেট সেৱা । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে শনিবাৰে প্ৰকাশ কৰে যে আজিৰে পৰা মণিপুৰত ইণ্টাৰনেট সেৱা জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব (Internet services in Manipur to resume today says CM N Biren Singh)।

বিগত চাৰি মাহে মণিপুৰত বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা । অৱশেষত আজিৰে পৰা মণিপুৰত মুকলি হ’ল ইণ্টাৰনেট সেৱা (Mobile internet services in Manipur to be restored today)।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে মণিপুৰত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। সুদীৰ্ঘ দিনৰ অন্তত অৱশেষত মণিপুৰবাসীয়ে পালে ইণ্টাৰনেটৰ সংযোগ।

কুকি আৰু মেইটেইসকলৰ মাজত সৃষ্টি হোৱা হিংসাত্মক ঘটনা যাতে অধিক ভয়ংকৰ নহয় তাৰ বাবে ৰাজ্যখনত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল। তাৰ পাছতো সুদীৰ্ঘ ৪ মাহ ধৰি মণিপুৰত হিংসাত্মক ঘটনা হ্ৰাস হোৱাৰ নাম লোৱা নাই। এতিয়াও ৰাজ্যখনত অব্যাহত আছে হিংসাত্মক ঘটনাৰ ।

ইফালে শেহতীয়াকৈ ইম্ফলত ৫ গৰাকী যুৱকক আৰক্ষীয়ে সশস্ত্ৰ সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল। কিন্তু স্থানীয় মেইটেই মহিলাসকলৰ লগত ৬ টাকৈ মেইটেই সংগঠনে দাবী কৰিছে এই ৫ গৰাকী যুৱক সশস্ত্ৰ সংগঠনৰ সৈতে জড়িত নহয়। তেওঁলোক স্বেচ্ছাসেৱীহে। সেয়ে তেওঁলোকৰ মুক্তিৰ দাবীত বিগত বুধবাৰৰ পৰাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই বিক্ষোভ কাৰ্যসূচীৰ মাজতেই ইম্ফল বন্ধ ঘোষণা কৰাৰ লগতে আৰক্ষী থানাও আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এনেধৰণৰ সংঘাত সৃষ্টি হৈ থকাৰ মাজতো ৰাজ্যখনত ইণ্টাৰনেট মুকলি কৰি দিয়া হৈছে। ইফালে ৰাাজ্যখনত ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পাছতে বিগত সময়ছোৱাত ৰাজ্যখনত সংঘটিত হোৱা বহু হিংসাত্মক ঘটনা পোহৰলৈ অহাৰো আশংকা কৰা হৈছে।

লগতে পঢ়ক :19th Asian Games Controversy : ভাৰত আৰু চীনৰ মাজত কূটনৈতিক মতবিৰোধে গা কৰি উঠিছে