Local, Vocal, Global

Sensational Incident : এক লোমহৰ্ষক হত্যাকাণ্ড ,পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীৰ প্ৰেমিকক

নেশ্যনেল ডেস্ক, ২৩ছেপ্টেম্বৰ : কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম ?

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেমে কাল হ’ল এজন যুৱকৰ বাবে। পৰকীয়া প্ৰেমৰ ঘটনাৰ বাবে স্বামীয়ে হত্য়া কৰিলে পত্নীৰ প্ৰেমিকক । এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে তামিলনাডুত (Sensational Incident) ।

উল্লেখ্য যে , তামিলনাডুৰ তুতিকোৰিনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । তামিলনাডুৰ তুতিকোৰিনত স্বামীয়ে হত্য়া কৰে পত্নীৰ প্ৰেমিকক । ঘটনা অনুসৰি, পত্নীৰ প্ৰেমৰ সম্পৰ্ক আছিল আন এজন পুৰুষৰ লগত । এই কথা গম পায় স্বামীয়ে পত্নীৰ সৈতে সম্পৰ্ক ত্যাগ কৰিছিল । কিন্তু খং কমা নাছিলে স্বামীৰ(In Tamil Nadu man beheads wife lover takes head to her house) । খঙত স্বামীয়ে পত্নীৰ প্ৰেমিকক হত্যা কৰে । হত্য়াৰ পিছত প্ৰেমিকৰৰ মুণ্ডচ্ছেদ কৰি সেই মুণ্ড পত্নীৰ হাতত দি আহে স্বামীয়ে ।

আৰক্ষীয়ে ভাষ্য অনুসৰি, এই ভয়ংকৰ ঘটনা সংঘটিত কৰা অভিযুক্তজনৰ নাম এছ ভেলুস্বামী আৰু তেওঁৰ পত্নীৰ প্ৰেমিকৰ নাম ডি মুৰুগান । দুয়ো তেনকাছি জিলাৰ কন্নাড়িকুলামৰ বাসিন্দা । দীৰ্ঘদিনৰ পৰা ডি মুৰুগান সৈতে এছ ভেলুস্বামীৰ পত্নীৰ সম্পৰ্ক আছিল । এই কথা গম পায় ক্ষোভত ফাটি পৰিল ভেলুস্বামী । তাৰ পিছত দুয়োয়েৰে সম্পৰ্কৰ মাজত ফাঁট মেলিছিল(Man beheads wife lover places head in front of her house) ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিজৰ মাটিত গৰু চৰাই আছিল মুৰুগানে। সেই সময়তে অভিযুক্ত এছ ভেলুস্বামীয়ে হঠাৎ এখন চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ডি মুৰুগানক আৰু শিৰচ্ছেদ কৰে মুৰুগানৰ। তাৰ পিছত সেই কটা মুণ্ড এটা প্লাষ্টিকৰ বেগত ভৰাই শহুৰেকৰ ঘৰলৈ লৈ যায় ভেলুস্বামীয়ে। কটা মুণ্ড শহুৰেকৰ ঘৰৰ সন্মুখত থৈ পলায়ন কৰে অভিযুক্ত এছ ভেলুস্বামীয়ে। আৰক্ষীয়ে এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মুৰুগানৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰে আৰু ৰাজাপুথুকুৰিৰ পৰা উদ্ধাৰ কৰা হয় কটা মুণ্ডটো। ভেলুস্বামীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত আৰু অৱশেযত গ্ৰেপ্তাৰ হয় ভেলুস্বামী।

লগতে পঢ়ক :Sensational Incident : কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম