Parliament Special Session 2023 : সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবীত সৰ্বদলীয় বৈঠক
নেশ্যনেল ডেস্ক, ১৮ছেপ্টেম্বৰ : আজিৰে পৰা আৰম্ভ সংসদৰ বিশেষ অধিৱেশন । সোমবাৰৰ পৰা সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন আৰম্ভ হ’ব(Parliament Special Session 2023)।১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব সংসদৰ এই বিশেষ অধিৱেশন ৷ ১৯ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে সম্পূৰ্ণ ৰীতি-নীতিৰে উপাসনা কৰাৰ পাছত সংসদৰ কাম-কাজ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ লৈ যোৱা হ’ব ।সংসদৰ বিশেষ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভৱনা আছে(Emphasis on Womens reservation bill Centre says right decision will be taken at right time) ।
উল্লেখ্য যে সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে আগন্তুক অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবীত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে ৰাষ্ট্ৰীয় ৰাজধানীত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়(Parliament Special Session 2023) ।
এই সৰ্বদলীয় বৈঠকৰ পৰা ওলাই আহি এন চি পিৰ নেতা প্ৰফুল্ল পেটেলে দেওবাৰে কয় , মহিলা সংৰক্ষণ বিধেয়কখন সংসদত গৃহীত হ’ব লাগে আৰু চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিলে দল-সংগঠনৰ সমৰ্থন লাভ কৰিব ।
লগতে ANI-ৰ সৈতে হোৱা এক কথা-বতৰাত প্ৰফুল্ল পেটেলে কয়, “স্বাধীনতাৰ ৭৫ বছৰৰ পাছত আমি এখন নতুন সংসদ পাবলৈ ওলাইছো । সকলোৰে বাবে গৌৰৱৰ বিষয় এইটো । আমি নতুন চিন্তা আৰু নতুন দৃষ্টিভংগীৰে নতুন সংসদ ভৱনত প্ৰৱেশ কৰা উচিত । মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত বহুদিনৰ পৰা আলোচনা চলি আহিছে যদিও এতিয়াও কোনো ধৰণৰ সুনিৰ্দিষ্ট পদক্ষেপ লোৱা হোৱা নাই ।”
DMK ৰ সাংসদ কানিমোজিয়ে সৰ্বদলীয় বৈঠকৰ পিছত কয় যে, এই অধিবেশন কিয় আহ্বান কৰা হৈছে সেই সম্পৰ্কে কোনো স্পষ্টতা নাই যদিও তেওঁ কয় যে, এই বৈঠকত মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত তীব্ৰ গুৰুত্ব দিয়া হৈছে । “আমি জানিব বিচাৰিছিলো সংসদৰ ৫ দিনীয়া অধিৱেশনখন কিয় আহ্বান কৰা হৈছে, কিন্তু তাত কোনো স্পষ্টতা নাই । এই অধিবেশনত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হ’বলৈ তীব্ৰ গুৰুত্ব দিয়া হৈছিল আৰু আমি বিচাৰিছিলো মণিপুৰ বিষয়, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু আন বহু বিষয়ত আলোচনা হ’ব লাগে । আমি ৰাঘৱ চাদ্ধা আৰু সঞ্জয় সিঙৰ নিলম্বন বাতিল হোৱাটোও বিচাৰিছিলো(Decision on women s reservation bill to be taken at an appropriate time says government) ।’’
সৰ্বদলীয় বৈঠকৰ অন্তত বিজেডিৰ সাংসদ পিনাকী মিশ্ৰই কয় যে, “কেন্দ্ৰই এই অধিৱেশন আহ্বান কৰি নতুন সংসদ ভৱন উদ্বোধন কৰাত আমি অতিশয় সুখী । আমি মহিলা সংৰক্ষণ বিধেয়ক দাবী কৰিছো । মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিব লাগিব ।”
পূৰ্বৰ বৈঠকতো মহিলা সংৰক্ষণ বিধেয়কৰ দাবী উত্থাপন হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে কয়, “এই ধৰণৰ দাবী (মহিলা সংৰক্ষণ বিধেয়কৰ বাবে) ইয়াৰ পূৰ্বেও বৈঠকত উত্থাপন কৰা হৈছে । চৰকাৰে নিজৰ এজেণ্ডা অনুসৰণ কৰে । সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা হ’ব ।” ইফালে বিৰোধী দলসমূহৰ নেতাসকলেও আগন্তুক অধিৱেশনৰ বিষয়ে কোনো স্পষ্টতা নাই বুলি দাবী কৰি চৰকাৰে নিজৰ প্ৰকৃত এজেণ্ডা লুকুৱাই ৰাখিছে বুলি উল্লেখ কৰে ।
ইয়াৰ পূৰ্বে দেওবাৰে কংগ্ৰেছ কৰ্মী সমিতিয়েও সংসদৰ আগন্তুক বিশেষ অধিৱেশনৰ সময়ত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত কৰাৰ দাবী জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে ।
ইফালে আপ নেতা সঞ্জয় সিঙে কয় যে আৰএলপি-এলজেপিকে ধৰি সকলো বিৰোধী দলে তেওঁক আৰু ৰাঘৱ চাদ্দাক নিলম্বনৰ দাবী জনাইছে । তেওঁ কয় যে আমি নতুন সংসদলৈ যাম গতিকে আমি এটা ডাঙৰ হৃদয়েৰে নতুন আৰম্ভণি কৰা উচিত । দেওবাৰে তেলেগু দেশম পাৰ্টিয়ে অন্ধ্ৰপ্ৰদেশ চৰকাৰে এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাৰ বিষয়টো উত্থাপন কৰে সৰ্বদলীয় বৈঠকত যাৰ ফলত টিডিপি আৰু ৱাইএছআৰ কংগ্ৰেছৰ মাজত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় বুলি দেওবাৰে সূত্ৰই প্ৰকাশ কৰিছে ।
বিশেষ অধিৱেশনৰ ঘোষণা বিষয়টোৱে দেশজুৰি লাভ কৰিছে বিশোষ চৰ্চা । সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনত সংসদীয় কাৰ্যবিধি পুৰণিৰ পৰা কাষৰ নতুন ভৱনলৈ স্থানান্তৰিত হ’ব । ধনখড়ে নতুন সংসদ ভৱনৰ “গাজা দ্বাৰ”ৰ ওপৰত পতাকা উত্তোলন কৰে । এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত থাকে ।
লগতে পঢ়ক :Anantnag terror operation : অব্যাহত আছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ