Local, Vocal, Global

ঢেকীয়াখোৱা বৰ নামঘৰত স্বাস্থ্যমন্ত্রী

আজি  মহাপুৰুষ শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি। এইবেলি কৰ’নাৰ ত্ৰাশৰ এই পবিত্ৰ দিনটোত গুৰুজনাক স্মৰণ কৰিছে অসমবাসীয়ে। কিন্তু পৰিস্থিতিৰ তাগিদাত নাই গুৰুজয়ন্তী পালনৰ সেই উলাহ উদ্দীপনা। মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰাই প্ৰতিষ্ঠিত এক আধ্যাত্মিক কেন্দ্ৰ ঢেকীয়াখোৱা বৰনামঘৰ। অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ এক কীৰ্তিস্তম্ভ ঢেকীয়াখোৱা বৰনামঘৰ। মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ দিনাই এই ঐতিহাসিক বৰনামঘৰৰ মণিকুটত আঁঠু লৈ প্ৰণিপাত জনালে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। এই সংকটকালীন পৰিস্থিতিৰ পৰা অসমবাসীৰ পৰিত্ৰাণ কামনাৰে ল’লে আশীষ। পিছত সাংবাদিকৰ মুখামুখি হৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সকলোৰে সু স্বাস্থ্য কামনা কৰে। কয় মাধৱদেৱৰ জন্ম জয়ন্তীৰ এই পবিত্ৰ দিনটোত ঢেকীয়াখোৱা বৰনামঘৰ দৰ্শন কৰি ধন্য হোৱাৰ কথা। স্বাস্থ্য মন্ত্রীক সংগ দিয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা,    ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ সাংসদ তপন গগৈ আৰু তেজপুৰৰ সাংসদ পল্লব লোচন দাসে।