Local, Vocal, Global

হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা

কৰ’নাৰ আতংকৰ মাজতে ঘোষণা কৰা হ’ল ২০১৯-২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। বিগত সাত বছৰৰ ভিতৰত এইবেলি সন্তোষজনক উত্তীৰ্ণৰ হাৰেৰে মহামাৰীৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতো ৰাজ্যবাসীয়ে লাভ কৰিলে ভাল খবৰ। মেট্ৰিকৰ শীৰ্ষ ১০ টা স্থান দখল কৰা মুঠ ৪২ গৰাকী শিক্ষাৰ্থীৰ প্ৰথম স্থানত জিলিকিল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ। আনহাতে শীৰ্ষস্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ গুৱাহাটীৰ ৪ শিক্ষাৰ্থীৰ বাদে অধিকাংশই গ্ৰামাঞ্চলৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰং জিলা আৰু হাই মাদ্ৰাছাত বৰপেটা জিলাই দখল কৰিছে প্ৰথম দহটা স্থানৰ শীৰ্ষতম স্থান।এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হৈছিল মুঠ ৩,৪২,২২৪ ছাত্ৰ-ছাত্ৰী।অৱতীৰ্ন ছাত্ৰৰ সংখ্যা ১,৬০,৭৯৪ ।অৱতীৰ্ন ছাত্ৰীৰ সংখ্যা ১,৮১,৪৩০।মুঠ উত্তীৰ্ন ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২,২১,৭৫৬ গৰাকী।
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ সকলো ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জনাইছে।