Rahul Gandhi Europe Tour : সপ্তাহজোৰা ভ্ৰমণসূচীৰে ইউৰোপলৈ ৰাওনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী
নিউজ ডেস্ক, ৬ছেপ্টেম্বৰ : ইউৰোপলৈ ৰাওনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী । সপ্তাহজোৰা ভ্ৰমণসূচীৰে মঙলবাৰে ইউৰোপলৈ ৰাওনা সাংসদ ৰাহুল গান্ধী(Rahul Gandhi Europe Tour) ।
উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে প্ৰায় এসপ্তাহজোৰা ইউৰোপ ভ্ৰমণলৈ ৰাওনা হয় আৰু এই ভ্ৰমণৰ সময়ছোৱাত সাংসদ গৰাকীয়ে ইউৰোপীয় সংঘৰ অধিবক্তা, ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতে বৈঠকত মিলিত হ’ব বুলি সূত্ৰই জানিবলৈ দিয়ে(Rahul Gandhi Leaves For Europe Tour) ।
সূত্ৰই জনোৱা অনুসৰি, ৭ ছেপ্টেম্বৰত ব্ৰাছেলছত ইউৰোপীয় ইউনিয়নৰ অধিবক্তাৰ এটা দলক সাক্ষাৎ কৰিব আৰু হেগতো বৈঠকত অনুষ্ঠিত হ’ব। লগতে ৮ ছেপ্টেম্বৰত পেৰিছৰ এখন বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰিব প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে।
৯ ছেপ্টেম্বৰত পেৰিছত অনুষ্ঠিত হ’বলগীয়া ফ্ৰান্সৰ লেবাৰ ইউনিয়নৰ বৈঠকতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । তাৰ পিছত তেওঁ নৰৱে ভ্ৰমণ কৰিব, য’ত ১০ ছেপ্টেম্বৰত অছলোত প্ৰব্ৰজনকাৰী অনুষ্ঠানত ভাষণ দিব বুলি সূত্ৰই জনায়।
ইয়াৰ উপৰি ৰাহুল গান্ধীয়ে ১০ ছেপ্টেম্বৰত ইউৰোপত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে এক বৈঠকত মিলিত হ’ব । তাৰ পিছদিনা ৰাহুল ভাৰতলৈ উভতি আহিব বুলি আশা কৰা হৈছে ।
কংগ্ৰেছ সাংসদজনৰ বিদেশ ভ্ৰমণ কাৰ্যসূচী এনে এক সময়ত লোৱা হৈছে, যিটো সময়ত সাংবিধানিক আৰু চৰকাৰী চিঠি-পত্ৰত ইণ্ডিয়া নামটো ভাৰতলৈ সলনি কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক লৈ শাসনাধিষ্ঠ এনডিএ আৰু ইণ্ডিয়া ব্লকৰ নেতাসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলি আছে । ৯-১০ ছেপ্টেম্বৰত ভাৰতে জি-২০ সন্মিলনৰ আয়োজন কৰিছে । দেশৰ ৰাজধানী চহৰ দিল্লীলৈ আহিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিশ্বৰ বহু নেতা আৰু তেওঁলোকক আদৰণি জনাবৰ বাবে সুসজ্জিত হৈ উঠিছে ।
ভাৰত হৈছে জি-২০ গ্ৰুপৰ বৰ্তমানৰ সভাপতি(Rahul Gandhi leaves for week long Europe tour) । দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত ৩০ জনতকৈও অধিক ৰাষ্ট্ৰপ্ৰধান, ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ বিষয়া, ১৪ জন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বী আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ সম্ভাৱনা আছে ।
ইফালে অহা ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া জি-২০ সন্মিলনৰ মাজতে ইউৰোপীয় দেশ ভ্ৰমণৰ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । জি-২০ শীৰ্ষ সন্মিলন সমাপ্ত হোৱাৰ এদিন পিছতে ১১ ছেপ্টেম্বৰত দেশলৈ উভতি আহিব বুলি সূত্ৰত প্ৰকাশ কৰে । তেওঁৰ এই ভ্ৰমণৰ সময়ছোৱাত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে ইউৰোপত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে এক বৈঠকত মিলিত হ’ব ।