Local, Vocal, Global

I.N.D.I.A Alliance Mumbai Meeting : আজিৰে পৰা মুম্বাইত I.N.D.I.A মিত্ৰজোঁটৰ তৃতীয় বৈঠক

নেশ্যনেল ডেস্ক,৩১আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী। বহু চৰ্চিত বিৰোধী মিত্ৰজোঁট I.N.D.I.A ৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ’ব আজিৰে পৰা । দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই বৈঠক । বৰ্তমান ৰাজনৈতিক মহলৰ দৃষ্টি এই বৈঠকৰ ওপৰত । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুকেইটা দিশত এই বৈঠক হ’ব গুৰুত্বপূৰ্ণ । এই বৈঠকত I.N.D.I.A মিত্ৰতাৰ ল’গ’ উন্মোচন, সমন্বয় সমিতি গঠন, আহ্বায়ক নিযুক্তি, সাধাৰণ নিৰ্বাচনৰ বাবে ভাৰতীয় সমষ্টিবাসীৰ মাজত সম্ভাৱ্য আসন ভাগ-বতৰা সূত্ৰৰ ওপৰত আলোচনা, সাধাৰণ নিৰ্বাচনৰ কৌশল আৰু আন কেইবাটাও বিৰোধী I.N.D.I.A মিত্ৰজোঁটৰ কাৰ্যসূচী আছে এই বৈঠকত(I.N.D.I.A Alliance Mumbai Meeting)।

মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত প্ৰায় ২৮ টা বিৰোধী দলৰ ৬৩ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ মুম্বাইৰ ভাকোলাস্থিত হোটেল গ্ৰেণ্ড হায়াতত অনুষ্ঠিত হ’ব লগা মিত্ৰজোঁটৰ বিশেষ বৈঠকৰ বাবে প্ৰায় ২৮টা দলৰ প্ৰতিনিধিয়ে ভিৰ কৰিছে মুম্বাইত(Opposition meet Mumbai) ৷

এই বৈঠকৰ পূৰ্বে বুধবাৰে নিশা বিৰোধী মিত্ৰজোঁটৰ নেতাৰ বাবে নৈশ ভোজৰ আয়োজন কৰে শিৱসেনা ইউবিটিৰ মুৰব্বী উদ্ধৱ ঠাকৰে ৷ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই I.N.D.I.A ৰ তৃতীয়খন বৈঠকতে কেইবাটাও সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা আছে । জানিব পৰা মতে এই বৈঠকত আসন লাভ কৰিব প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী, বিজেপিৰ বিৰুদ্ধে কেনে ৰণনীতি প্ৰস্তুত কৰিব , আসন বুজাবুজি, বিৰোধী মিত্ৰজোঁটৰ আহ্বায়ক কোন হ’ব আদি বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, মিত্ৰজোঁট I.N.D.I.A দ্বিতীয়খন বৈঠকত ২৬ টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল যদিও মুম্বাই অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন বৈঠকত ২৮ টা বিৰোধী দলে অংশগ্ৰহণ কৰিব ।

ইফালে আজি মুম্বাইত অনুষ্ঠিত হোৱা এই বৈঠকত ছোনিয়া গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, অশোক চাব’ন,কংগ্ৰেছ নেতা মিলিন্দ দেওৰা, মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী নানা পেটেল,এনচিপিৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলে, এনচিপিৰ নেতা শাৰদ পাৱাৰ, শিৱসেনা ইউবিটিৰ মুৰব্বী উদ্ধৱ ঠাকৰে, সঞ্জয় ৰাউত, আদিত্য ঠাকৰে, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, লালু প্ৰসাদ যাদব, ফাৰুক আব্দুল্লাৰ,পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, লগতে ২৮ দলৰ নেতা অংশগ্ৰহণ কৰিব এই বৈঠকত ।

লগতে পঢ়ক :I.N.D.I.A Alliance Mumbai Meet : ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক