Local, Vocal, Global

MLA Mrinal Saikia to resign : পদত্যাগ কৰিব বিধায়ক মৃণাল শইকীয়াই !

নিউজ ডেস্ক,২৬আগষ্ট : বিধায়ক মৃণাল শইকীয়াৰ বৃহৎ ঘোষণা । পদত্যাগ কৰিব বিধায়ক মৃণাল শইকীয়াই। ২০২৪ত পদত্যাগ কৰিব বিধায়কগৰাকী । গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে ২০২৪ ৰ নিৰ্বাচনৰ সময়ত পদত্যাগৰ কথা ঘোষণা কৰিছে(MLA Mrinal Saikia to resign) ।

এক পত্ৰৰ জৰিয়তে এই কথা জনাইছে বিধায়ক মৃণাল শইকীয়াই । অৱশ্যে তেওঁ পদত্যাগ কৰাৰ এটা চৰ্তও নিৰ্ধাৰণ কৰি দিছে। বিধায়কগৰাকীয়ে চৰ্তৰ কৈছে, ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনত অসমত কংগ্ৰেছে যদিহে ৯ খন আসন লাভ কৰে তেন্তে বিধায়ক মৃণাল শইকীয়াই পদত্যাগ কৰিব।

উল্লেখ্য যে, সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন । নিৰ্বাচনক লৈ তুংগত শাসক তথা বিৰোধী । নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ লগতে ৰাজ্যৰ ৰাজনীতি এতিয়া গৰম হৈ পৰিছে।

তাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমৰ মুঠ ১৪ খন আসনৰ ভিতৰত ৯ খনতে কংগ্ৰেছ জয়ী হ’ব বুলি এক মন্তব্য কৰে। এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খুমটাইৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ভূপেন বৰাৰ লোকসভাৰ নিৰ্বাচনক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ,যদি লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৯ খন আসন লাভ কৰে তেন্তে তেওঁ পদত্যাগ কৰিব ।

বিধায়ক মৃণাল শইকীয়াৰ এই প্ৰতিক্ৰিয়া সন্দৰ্ভত তেওঁ কোৱা কথা লিখিতভাৱে কওঁক বুলি প্ৰত্যাহ্বান জনায়। ভূপেন বৰাৰ প্ৰত্যাহ্বান বিধায়কগৰাকীয়ে গ্ৰহণ কৰি আজি মৃণাল শইকীয়াই লিখিত ভাৱে জনাইছে যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৯ খন আসন লাভ কৰিলে তেওঁ বিধায়ক পদৰ পৰা পদত্যাগ কৰিব।

বিধায়কগৰাকীয়ে পত্ৰখনত লিখিছে, ”প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগন্তুক লোকসভাৰ নিৰ্বাচনত ৯ খন আসন পাম বুলি কৰা দাবীক প্ৰত্যাহ্বান জনাই মই কৈছিলোঁ যে, কংগ্ৰেছে ৯ খন আসন পালে মই বিধায়ক পদৰ পৰা পদত্যাগ কৰিম। এই সন্দৰ্ভত কংগ্ৰেছে লিখিতভাৱে এই কথা কবলৈ প্ৰত্যাহ্বান জনোৱাৰ পাছত আপোনালোকলৈ এই পত্ৰখন প্ৰেৰণ কৰিলোঁ। ২০২৪ ৰ লোকসভাৰ ফলাফলৰ দিনটোলৈ এই পত্ৰখন সংৰক্ষণ কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ। মই লিখিতভাৱে জনাইছো ফলাফলৰ দিনা কংগ্ৰেছে ৯খন আসন পোৱাৰ লগে লগে মাননীয় বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ সন্মুখত পদত্যাগ পত্ৰ দাখিল কৰিম। ”

লগতে পঢ়ক : Dhemaji bomb blast : ধেমাজি বোমা বিস্ফোৰণক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়