Local, Vocal, Global

Mysterious blast in Kargil: লাডাখৰ কাৰ্গিলত ভয়ংকৰ বিস্ফোৰণ; নিহত ৩জন, আহত ১০জন

নিউজ ডেস্ক, ১৯আগষ্ট : কাৰ্গিল জিলাত ৰহস্যজনক বিস্ফোৰণ(Mysterious blast at Drass) । শুকুৰবাৰে বিয়লি ভাগত সংঘটিত হয় এই ৰহস্যজনক বিস্ফোৰণৰ ঘটনাটো । জানিব পৰা মতে, শুকুৰবাৰে লাডাখৰ ড্ৰাছ অঞ্চলত এখন ট্ৰাকৰ পৰা স্ক্ৰেপ নমাই থকাৰ সয়মতে এখন স্ক্ৰেপৰ দোকানত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো(Mysterious blast in Kargil) । এই ৰহস্যজনক বিস্ফোৰণ ফলত তিনিজন লোক নিহত হোৱাৰ উপৰিও ১০জন লোক আহত হয় । আহতলোকসকলৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে (Mysterious Blast At Scrap Shop In Kargil Drass) ।

এই ৰহস্যজনক বিস্ফোৰণ সন্দৰ্ভত কাৰ্গিল জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনয়ত আলী চৌধুৰীয়ে কয় যে ,এই বিস্ফোৰণত তিনিজন লোক নিহত হোৱাৰ লগতে ১০ জন লোক আহত হয় । লগতে আৰক্ষী শীৰ্ষ বিষয়াজনে কয় যে ,আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক(3 Killed 11 Wounded In Explosion Near Scrap Site In Kargil) ।

লগতে আৰক্ষী বিষয়াজনে উল্লেখ কৰে যে , এখন ড্ৰাছৰ দোকানত ট্ৰাকৰ পৰা স্ক্ৰেপ নমাই থকা হৈছিল আৰু তেনে সময়তে স্ক্ৰেপৰ দোকানখনত এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়(3 Killed 11 Injured In Mystery Kargil Blast) ৷

জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনয়ত আলী চৌধুৰীয়ে লগতে কয় যে , ‘‘আৰক্ষীয়ে এই বিস্ফোৰণৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ৷ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । সংগ্ৰহ কৰা হৈছে বহু প্ৰমাণ-পত্ৰও’’৷

জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে আৰু কাৰ্গিলৰ উপ আয়ুক্ত শ্ৰীকান্ত বালাছাহেব ছুছেয়ে চিকিৎসালয়লৈ গৈ আহতসকলৰ স্বাস্থ্য বুজ লয় বুলি জানিবলৈ দিয়ে ৷

কাৰ্গিলৰ উপ আয়ুক্ত শ্ৰীকান্ত বালাছাহেব ছুছে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয়, ‘‘এই ৰহস্যজনক বিস্ফোৰণৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জন লোক গুৰুতৰভাৱে আহত হয় আৰু আহতলোকসকলক কাৰ্গিলৰ জিলা চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে’’ ।

ইফালে, কাৰ্গিলৰ অতিৰিক্ত উপ আয়ুক্তয়ে ঘটনাস্থলী উপস্থিত হয় আৰু পৰিস্থিতিৰ বিষয়ে বুজ লয় ৷

লগতে পঢ়ক : Chhattisgarh Financial Aid to Himachal: ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ হিমাচল প্ৰদেশলৈ ১১ কোটি টকাৰ বিত্তীয় সাহায্যৰ ঘোষণা