Siddique Ismail Death : চলমান খান অভিনীত ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক চিদ্দিকীৰ দেহাৱসান
ইণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ৯ আগষ্ট : দক্ষিণৰ ছবি জগতৰ জনপ্ৰিয় পৰিচালক ছিদ্দিকী ইছমাইলৰ দেহাৱসান(Siddique Ismail Death) । হৃদৰোগত আক্ৰান্ত হৈ ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ কৰে পৰিচালকগৰাকীয়ে । নিউমোনিয়া আৰু যকৃতৰ সৈতে জড়িত ৰোগতো আক্ৰান্ত হৈ আছিল ছিদ্দিকী (Siddique Ismail Passes Away)। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক কোচিৰ অমৃতা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল (Bodyguard director dies of heart attack) ।
ছিদ্দিকী ইছমাইলৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালবৰ্গ আৰু তেওঁৰ অনুৰাগীসকল (Bodyguard director dies of heart attack)। মৃত্যুৰ সময়ত তেখেতে পত্নী সাজিতা আৰু ৩ গৰাকী কন্যা সুমায়া, চাৰা আৰু সুকুনক ইহসংসাৰত এৰি থৈ যায় । ইফালে বহু তাৰকাই ছিদ্দিকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । আনহাতে ছিদ্দিকী মৃত্যুত শোকৰ ছাঁ পৰিছে মালয়ালম চলচ্চিত্ৰ জগতখনত ।
উল্লেখ্য যে আজি পুৱা ৯ বজাৰ পৰা কদবন্তৰাৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত শেষ দৰ্শনৰ বাবে তেওঁৰ মৃতদেহ ৰখা হৈছে । জানিব পৰা মতে সন্ধিয়া ৬ বজাত ছিদ্দিকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।
উল্লেখ্য ছলমান খানৰ ছবি ‘বডিগাৰ্ড’ৰ পৰা আৰম্ভ কৰি ‘কাবুলীৱালা’লৈকে বহু ডাঙৰ ডাঙৰ ছবি পৰিচালনা কৰিছিল ছিদ্দিকীয়ে । ছিদ্দিকী ইছমাইলে মালয়ালম, তামিল, তেলুগু আৰু বলীউডৰ ছবিও পৰিচালনা কৰিছে । বলীউডৰ ভাইজান ছলমান খানৰ হিট ছবি ‘বডিগাৰ্ড’ পৰিচালনা কৰিছিল ছিদ্দিকীয়ে । ২০১১ চনত ছিদ্দিকীয়ে বডিগাৰ্ডৰ জৰিয়তে নিজৰ পৰিচালনাৰ ক্ষেত্ৰ খনত বিশেষ প্ৰভাৱ পেলাইছিল আৰু এই ছবিখন ছলমানৰ কেৰিয়াৰৰ এখন হিট ছবি হিচাপে প্ৰমাণিত হৈছিল । পৰৱৰ্তী সময়ত বডিগাৰ্ডৰ তামিল সংস্কৰণ ‘কাভালান’ পৰিচালনা কৰিছিল ছিদ্দিকীয়ে ।
১৯৮৯ চনত মালয়ালম ছবি ‘ৰামজী ৰাও স্পীকিং’ৰ জৰিয়তে ছিদ্দিকীয়ে পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁক চলচ্চিত্ৰ জগতলৈ অনাৰ কৃতিত্ব দিছিল চলচ্চিত্ৰ প্ৰযোজক ফাজিলক । অৱশ্যে পিছলৈ ছিদ্দিকীয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু উত্কৃষ্ট পৰিচালনাৰে পৰিচয় লাভ কৰিছিল । তেওঁ ‘কাবুলীৱালা’, ‘ভিয়েটনাম কলনী’, ‘হৰিহৰ নগৰ’ আৰু ‘গডফাদাৰ’ আদি ছবি সফলতাৰে পৰিচালনা কৰিছিল । ছিদ্দিকীৰ শেষৰখন ছবি আছিল ‘মোহনলাল’ আৰু আৰবাজ খানৰ অভিনীত ‘বিগ ব্রাদাৰ’ আছিল । ছবিখন হিট হৈছিল আৰু অনুৰাগীৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল ।
লগতে পঢ়ক : Parliament Monsoon Session: আজি ৰাজ্যসভাত উত্থাপন হ’ব ছয়খন বিধেয়ক