2nd Opposition parties meeting : আজি বেংগালুৰত ২৬ বিৰোধী দলৰ বৈঠক, কংগ্ৰেছ-আপৰ মাজত মিতিৰালি

নেশ্যনেল ডেস্ক, ১৭ জুলাই : কংগ্ৰেছৰ নেতৃত্বত বেংগালুৰুত আজি বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক (2nd Opposition parties meeting)। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব বিৰোধীয়ে । দেশৰ প্ৰায় ২৪ টা বিৰোধী দলে বিৰোধী ঐক্যত অংশগ্ৰহণ কৰিব । ইতিমধ্যে বেংগালুৰুৰ হোটেলত বাহৰ পাতিছে বিৰোধী নেতাসকলে । এইবাৰ ১০ টা নতুন বিৰোধী দলকো আমন্ত্ৰণ জনোৱা হৈছে ।
১৭ আৰু ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া সভাত ২৬ টা বিৰোধী দলৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব। য’ত তেওঁলোকে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ ৰণনীতি প্ৰস্তুত কৰিব।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ থকা কংগ্ৰেছে সোমবাৰে আৰম্ভ হোৱা কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন বিৰোধী ঐক্য বৈঠকৰ বাবে মুঠ ২৫টা দলৰ সমৰ্থন সংগ্ৰহ কৰিছে।
কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ ফ্ৰণ্ট উপস্থাপন কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ১৭-১৮ জুলাইত বেংগালুৰুৰ এখন হোটেলত কমেও ২৬টা বিৰোধী দলৰ নেতা একত্ৰিত হ’ব।
কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক এই বৈঠকৰ সকলো প্ৰস্তুতি নিৰীক্ষণৰ বাবে ভাৰপ্ৰাপ্ত হিচাপে নিযুক্তি দিয়া হৈছে । বিৰোধী দলৰ সকলো নেতাক মহানগৰীৰ এখন পঞ্চতাৰকাযুক্ত হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে ।
আংশিক সময়সূচী অনুসৰি সোমবাৰে পুৱা ১১ বজাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভাৰপ্ৰাপ্ত যোগাযোগ জয়ৰাম ৰমেশ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে যুটীয়া সংবাদমেল অনুষ্ঠিত কৰিব।
সন্ধিয়া ৬ বজাত এখন অনানুষ্ঠানিক সভা অনুষ্ঠিত হোৱাৰ পিছত নিশা ৮ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰা হ’ব । ১৮ জুলাইত পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৪ বজালৈ চলিব এই বৈঠক। ইয়াৰ পিছতে এখন সংবাদমেল অনুষ্ঠিত হ’ব, য’ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কৌশল ঘোষণা কৰা হ’ব ।
বিৰোধী ঐক্যৰ বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন বৈঠকৰ পূৰ্বে দুই বিৰোধী দলৰ বৰফ গলিবলৈ ধৰাৰ লগে লগে বিৰোধী শিবিৰ উৎফুল্লিত হৈ পৰা দেখা গৈছে। ইফালে কংগ্ৰেছ-আপৰ সমীকৰণ সঠিক পথত গতি কৰাটো শাসকীয় বিজেপিৰ বাবে শংকাৰ কাৰণ হৈ পৰাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, এই বৈঠকত তৃণমূল কংগ্ৰেছকে ধৰি আম আদমী পাৰ্টীকে ধৰি জে ডি ইউ, ডিএমকে আদি দলৰ নেতা উপস্থিত থকিব । প্ৰথম অৱস্থাত এই বৈঠকত আপে অংশগ্ৰহণ কৰাৰ কথা স্পষ্টকৈ কোৱা নাছিল। কিন্তু দেওবাৰে কেন্দ্ৰৰ আধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছে স্থিতি স্পষ্ট কৰি আপক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পাছতে আপে বিৰোধী দলৰ বৈঠকত অংশ লোৱাৰ কথা স্পষ্ট কৰে। আনহাতে কেইবাদিনো আলোচনাৰ অন্তত দেওবাৰে আম আদমী পাৰ্টিয়ে ঘোষণা কৰে যে তেওঁলোকেও এই বৈঠকত অংশগ্ৰহণ কৰিব।
কংগ্ৰেছে আয়োজন কৰা এই বৈঠকত ছোনিয়া গান্ধী, তেজস্বী যাদৱ, নীতিশ কুমাৰ আদি উপস্থিত থাকিব । অৱশ্যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকিবনে নাই এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই।
সোমবাৰৰ দ্বিতীয়খন বৈঠকৰ পূৰ্বে কংগ্ৰেছ-আপৰ মাজত মতানৈক্য দূৰ হোৱাৰ পাছতে বিৰোধী মিত্ৰজোঁটে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে এক উমৈহতীয়া ন্যূনতম কাৰ্যসূচী আৰু যোগাযোগ খচৰা প্ৰস্তুতৰ বাবে এখন উপসমিতি গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে । সোমবাৰৰ বৈঠকত বিৰোধী দলৰ নেতাসকলে মিত্ৰজোঁটৰ এটা নাম দিয়াৰো পৰিকল্পনা কৰিছে ।
দিল্লীৰ আমোলাতন্ত্ৰৰ ওপৰত নিয়ন্ত্ৰণ ঘূৰাই অনা বিতৰ্কিত কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে দলটোক কংগ্ৰেছে সমৰ্থন দিব বুলি কোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে আপে এই ঘোষণা কৰে।
উল্লেখ্য ইয়াৰ পূৰ্বে পাটনা বৈঠকৰ পৰা আঁতৰি থকা ৰাষ্ট্ৰীয় লোকদল পাৰ্টিৰ মুৰব্বী জয়ন্ত চৌধাৰীয়ে সোমবাৰে বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। ইয়াৰ উপৰিও কংগ্ৰেছে এন ডি এৰ ওপৰত নিজৰ হিচাপ বৃদ্ধিৰ বাবে বেংগালুৰুৰ দ্বিতীয়খন বিৰোধী বৈঠকলৈ ১০টা নতুন দলক আমন্ত্ৰণ জনাইছে । ইয়াৰ ভিতৰত মাৰুমালাৰ্চি দ্ৰাবিদা মুনেত্ৰ কাঝাগম (MDMK), বিদুথলাই চিৰুথাইগাল কট্চি (ভিচিকে), ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টি (Revolutionary Socialist Party), কংগু ডেছা মক্কল কট্চি (KDMK), ফৰৱাৰ্ড ব্লক, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (IUML), কেৰালা কংগ্ৰেছ (জোচেফ), কেৰালা আদি অন্যতম কংগ্ৰেছ (মণি), আপনা দল (কামেৰাৱাড়ী) আৰু তামিলনাডুৰ মণিথনেয় মক্কল কট্চি (এম এম কে)।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৩ জুনত বিহাৰৰ পাটনাত বিৰোধী পক্ষৰ বৈঠকৰ সময়ত আপ আৰু কংগ্ৰেছৰ মাজত বিভাজন দেখা গৈছিল । ১৫ টা বিৰোধী দলৰ শীৰ্ষ নেতাসকলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২৩ জুনত পাটনাত আয়োজন কৰা বিৰোধী ঐক্যৰ বৈঠকত অংশগ্ৰহণ কৰিছিল।
প্ৰথমখন আনুষ্ঠানিক বৈঠকৰ পাছতে আজি দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰিব বিৰোধী দলবোৰে । বিৰোধী শিবিৰে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ৩০টা বিৰোধী দলে মিত্ৰজোঁটৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিব বুলি আশা কৰিছে।
লগতে পঢ়ক : Samuguri road Accident : চামগুৰিত ভিডিঅ’ সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু, হত্যাৰ অভিযোগ পৰিয়ালৰ