Local, Vocal, Global

Progress of JJM and Swachh Bharat Mission: কাৰ্বি আংলঙত জলজীৱন আৰু স্বচ্ছ ভাৰত মিছনৰ অগ্ৰগতিৰ বুজ ললে বিভাগীয় মন্ত্ৰীয়ে

কাৰ্বি আংলঙত জলজীৱন আৰু স্বচ্ছ ভাৰত মিছনৰ অগ্ৰগতিৰ বুজ ললে বিভাগীয় মন্ত্ৰীয়ে

ডিফু, ১৩ জুলাই: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আঁচনি জল জীৱন মিছন । জল জীৱন মিছন আচঁনিৰ জড়িয়তে অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ ৰ ভিতৰত পাব বিশুদ্ধ খোৱা পানী । এই জল জীৱন মিছনৰ জড়িয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ পৰিকল্পনাৰে বৰ্তমানলৈকে ৰাজ্যখনত আধাতকৈও অধিক পৰিয়ালৰ বাসগৃহত পানী যোগানৰ পাইপ সংযোগ কৰিছে(Progress of JJM and Swachh Bharat Mission) ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন (জি)ৰ কামৰ শেহতীয়া অগ্ৰগতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হয় ডিফুত । এই লৈ বৃহস্পতিবাৰে আয়োজিত এখনি বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, জনস্বাস্থ্য কাৰীকৰী বিভাগ, খোৱা পানী আৰু অনাময় বিভাগ (DWSM)ৰ বিষয়াসকলৰ সৈতে কৰিলে বিস্তৃত আলোচনা ।

কাৰ্বি আংলঙত জলজীৱন আৰু স্বচ্ছ ভাৰত মিছনৰ অগ্ৰগতিৰ বুজ ললে বিভাগীয় মন্ত্ৰীয়ে

ডিফুস্থিত আৰ্বৰেটাম কম ক্ৰাফ্ট চেণ্টাৰত অনুষ্ঠিত এই বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে আঁচনিৰ কামৰ অগ্ৰগতি ক্ষিপ্ৰ কৰি তোলাৰ লগতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰে । লগতে কামৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বিষয়াসকলক কাম তীব্ৰতৰ কৰিবলৈকো দিলে নিৰ্দেশনা ।

বৃহস্পতিবাৰৰ এই বৈঠকখনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সংশ্লিষ্ট সাংসদ আৰু বিধায়ক, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে।

উল্লেখ্য যে, জল জীৱন মিছনে দেশৰ প্ৰান্তে প্ৰান্তে অগ্ৰগতি লাভ কৰাৰ সমান্তৰালকৈ অসম চৰকাৰেও জে এম এমৰ অধীনত ৪০ হাজাৰ বিদ্যালয় আৰু ৩২ হাজাৰ অংগনবাড়ী কেন্দ্ৰত টেপৰ পানীৰ সংযোগ কৰিছে । কেইদিনমান পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই নলবাৰীত আয়োজিত এখন সভাত এই কথা উল্লেখ কৰাৰ লগতে কৈছিল, “অসম চৰকাৰে ৪৪ হাজাৰ বিদ্যালয়লৈ টেপৰ পানীৰ সংযোগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু এতিয়ালৈকে জে জে এমৰ অধীনত ৪০ হাজাৰ বিদ্যালয়ক টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে । আনহাতে ৩৬ হাজাৰ অংগনবাড়ী কেন্দ্ৰৰ ভিতৰত ৩২ হাজাৰ বিদ্যালয়ত টেপৰ পানীৰ সংযোগ প্ৰদানৰ লক্ষ্য বান্ধি লোৱা হৈছে।”

লগতে পঢ়ক : Ajmal Slams BJP: ধুবুৰীত বদৰুদ্দিন আজমলৰ পুনৰ বিতৰ্কিত মন্তব্য