Local, Vocal, Global

Chandrayaan 3 mission: চন্দ্ৰযান – ৩ অভিযানৰ গুৰুত্বপূৰ্ণ দায়িত্বত অসম সন্তান চয়ন দত্ত

তেজপুৰ, ১৩ জুলাই : ৰাজ্যবাসীৰ বাবে আছে এটা গৌৰৱৰ খবৰ । অহা ১৪ জুলাইত চন্দ্ৰলৈ উৎক্ষেপণ হ’বলগীয়া চন্দ্ৰযান-৩ৰ অভিযানটো নিয়ন্ত্ৰণ কৰিব এগৰাকী অসম তথা সন্তানে ৷ সমগ্ৰ দেশৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সমভাগী হ’ব লখিমপুৰৰ চয়ন দত্ত মানৰ এগৰাকী অসমীয়া বিজ্ঞানী । এই উৎক্ষেপন ব্যৱস্থাৰ উপসঞ্চালক হিচাবে ইতিমধ্যে দ্বায়িত্ব দিয়া হৈছে অসম সন্তানগৰাকীক(Chandrayaan 3 mission) ৷

লখিমপুৰৰ সন্তান চয়ন দত্ত মহাকাশ বিভাগৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰৰ বিজ্ঞানী হোৱাৰ উপৰিও এগৰাকী অভিযন্তা হিচাবে কৰ্মৰত হৈ আছে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৯৯৭-৯৮ বেটচৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ দত্তৰ ওপৰত ন্যস্ত কৰা হৈছে “অন বর্ড কমাণ্ড টেলিমেট্রি, ডাটা হেণ্ডলিং এণ্ড ষ্ট’ৰেজ চিষ্টেম লেণ্ডাৰ, চন্দ্ৰয়ান-৩” ৰ উপ-প্রকল্প সঞ্চালকৰ দ্বায়িত্ব ।

উল্লেখ্য যে কমাণ্ড এণ্ড ডাটা হেণ্ডলিং চিষ্টেম হৈছে মূলতঃ অর্বিটাৰৰ মগজু আৰু ই মহাকাশযানৰ সকলো কাৰ্যপ্ৰণালী নিয়ন্ত্রণ কৰে । দেশৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্রযান-৩ ক দেশৰ মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ল’ ভেহিকেল মার্ক-১ ত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা অহা ১৪ জুলাইত উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ হোৱা এই অভিযানৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত হোৱাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজ্ঞানীগৰাকীয়ে কয়, “এই দায়িত্ব নিষ্ঠাৰে ৰূপায়ণ কৰিবলৈ পাই মই ধন্য হোৱাৰ লগতে সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে । এই অভিযান আমাৰ দেশ আৰু বিশ্বৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাবে চিহ্নিত হৈ ৰ’ব ৷”

মন কৰিবলগীয়া যে, বিজ্ঞানী চয়ন দত্ত আৰু সমগ্ৰ দলটোক শুভেচ্ছা জনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে কয় যে, এই মহত্বপূৰ্ণ অভিযানৰ প্ৰক্ৰিয়াই মহাকাশ অন্বেষণৰ প্ৰতি দেশৰ দায়বদ্ধতা উন্মোচিত কৰাই নহয়, দেশৰ ভিতৰৰ ব্যতিক্ৰমী প্ৰতিভা আৰু পাৰদৰ্শিতা সমূহকো উজ্জ্বলাই তুলিছে । সমগ্র দেশ, অসমবাসী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত বুলিও তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : PM Modi to visit France: তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু ইউ.এ.ই যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ