Police seized large quantity of ganja: চাপৰত ডেইৰি ফাৰ্মত চলোৱা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা
চাপৰ, ১০জুলাই: চাপৰত প্ৰকৃততে কি চলিছে ? ডেইৰি ফাৰ্মৰ ভিতৰত চলিছে গাঞ্জাৰ ব্যৱসায় । সন্ধিয়া হলেই সেই স্থানত চলে গাঞ্জাৰ পাৰ্টি । অৱশেষত গাঞ্জা পাৰ্টীৰ স্থলী এই ডাইৰি ফাৰ্মত সোমবাৰে আৰক্ষীয়ে চলাই এক অভিযান ।
গোপন সূত্ৰৰ ভিত্তিত পোৱা তথ্যৰ ভিত্তিত ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীৰ ২ নং খণ্ড গাঁৱত থকা Gokul Mission Diary farm ত বিলাসীপাৰা আৰক্ষীৰ এটা দলে চলাইছিল এক অভিযান ।
বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া স্মৃতিৰেখা ফুকনৰ নেতৃত্বত চলা এই অভিযানত জব্দ হৈছে কেচা গাঞ্জাসহ বৃহৎ পৰিমাণৰ গাঞ্জা(Police seized large quantity of ganja) । আৰক্ষী সূত্ৰে জানিব পৰা মতে সোমবাৰে দিনৰ ভাগত ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী ২ নং খণ্ড গাঁৱত অৱস্থিত Gokul Mission Diary farm ৰ গো-শালাৰ গোহালী ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ গাঞ্জাখিনি ।
অৱশ্যে এই অভিযানত কোনো লোকক আটক কৰিব নোৱাৰিলে যদিও আৰক্ষীয়ে সোধপোচৰ বাবে এজন স্থানীয় লোকক থানালৈ লৈ যায় ।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি, এই ডেইৰি ফাৰ্মৰ চৌহদত কৰা হৈছিল গাঞ্জাৰ খেতিও । ফাৰ্মৰ দায়িত্বত থকা ব্যাক্তিজনেই গাঞ্জাৰ এই নিষিদ্ধ ব্যৱসায়টো চলাই যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।
ইফালে এনে নিষিদ্ধ ব্যৱসায়ৰ লগত জড়িতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে । লগতে অঞ্চলটোত চলি থকা এনে কাৰ্যক তিব্ৰ ভাবে দিছে গৰিহনা ।
লগতে পঢ়ক: Rupahihat Murder Case : পুত্ৰৰ প্ৰহাৰত মৃত্যু ৫০ বছৰীয়া নিজ মাতৃৰ