Jyoti Prasad Agrawal birth anniversary : প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আজি জন্মজয়ন্তী

নিউজ ডেস্ক, ১৭ জুন : আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২০ বছৰীয়া জন্মজয়ন্তী(Jyoti Prasad Agrawal birth anniversary) । জন্মজয়ন্তী উপলক্ষে ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস । জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল । তেওঁ পিতৃ পৰমানন্দ আগৰৱালাৰ আৰু মাতৃ কিৰণময়ী আগৰৱালাৰ ।
অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেওঁৰ বৰঙণি আছে।
জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে আধুনিক অসমীয়া গীতৰ প্ৰৱৰ্তক । ১৯৩৩ চনৰ শেষৰফালে ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি “জয়মতী”ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে । লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰিছিল ।
উল্লেখ্য যে , জ্যোতিপ্ৰসাদৰ পৰিয়ালৰে সদস্য হৰিবিলাস আগৰৱালাই পোনপ্ৰথমে কীৰ্তন পুথিখন ছপা আকাৰত প্ৰকাশ কৰিছিল ৷জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিসকলৰ মাজৰ এগৰাকী । প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক তথা প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ।
অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী হৈ আছে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিৰে । কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আদি সকলো দিশতে তেওঁ অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই থৈ গৈছে । আনহাতে, অসমীয়া সংস্কৃতি জগতলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবেই তেওঁক ‘ৰূপকোঁৱৰ’ অভিধাৰে বিভূষিত কৰা হৈছে ।
এইগৰাকী শিল্পীপ্ৰাণৰ মৃত্যুতিথি ১৭ জানুৱাৰী এই দিনটোত ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয় । এগৰাকী স্বাধীনতা সেনানী জ্যোতিপ্ৰসাদৰ দৰ্শনক ‘ৰূপান্তৰৰ দৰ্শন’হিচাপেও আখ্যা দিয়া হয় ৷
১৯২১ চনত মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈ জ্যোতিপ্ৰসাদে কলিকতাৰ নেচনেল কলেজৰ পৰা আইএ পৰীক্ষাত উত্তীৰ্ণ হয় । তাৰপিছত তেওঁ ১৯২৬ চনত অৰ্থনীতি বিষয়ত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যাত্ৰা কৰে । কিন্তু পঢ়া সাং নকৰাকৈয়ে তেওঁ ১৯৩০ চনত জন্মভূমিলৈ উভতি আহে । অৱশ্যে ওভতনি পথত তেওঁ জাৰ্মানীত সাত মাহৰ এক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয় ।
স্বদেশৰ পৰাধীনতা বাৰুকৈয়ে আঘাত কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই ঘৰলৈ উভতি আহি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে । দেশৰ স্বাধীনতা সংগ্ৰামত নামি পৰা জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে । কিন্তু কাৰাবন্দী অৱস্থাত শিলচৰ কাৰাগাৰত টাইফইড ৰোগত আক্ৰান্ত হোৱা সত্ত্বেও তেওঁ কাৰাবাস সম্পূৰ্ণ কৰে । কাৰাবাসৰ পৰা মুকলি হৈ অহাৰ পিছত অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি জ্যোতিপ্ৰসাদৰ মন ঢাল খায় । সেয়ে ১৯৩৩ চনৰ শেষৰফালে ভোলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ নামৰ এটি ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া ছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে ।
লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনী আধাৰিত তথা অসমৰ প্ৰথমখন চলচ্চিত্ৰ জয়মতীয়ে ১৯৩৫ চনত মুক্তিলাভ কৰে । কিন্তু জয়মতী ছবিখন ব্যৱসায়িকভাৱে সফল হোৱা নাছিল । ফলত ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেওঁ ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে । কিন্তু দেশৰ স্বাধীনতা আন্দোলনে তেওঁক অহৰহ হাত বাউলি মাতি থাকে । সেয়ে স্বাধীনতা আন্দোলনৰ ভৰপকৰ সময়ত ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদে পুনৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে । আনহাতে, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে ।
১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়। মৃত্যুৰ সময়ত তেওঁলোকে সাতোটাকৈ সন্তান ভৱিষ্যতৰ বংশধৰ হিচাপে এৰি থৈ যায় ।
অসমীয়া সাহিত্য জগতলৈ জ্যোতিপ্ৰসাদৰ অৱদান জাউতি যুগীয়া । জ্য়োতিপ্ৰসাদ আগৰৱালাই অসমীয়া গীতি সাহিত্যলৈ তিনি শতাধিক গীতৰ অৱদান আগবঢ়াই থৈ গৈছে । এই গীতবোৰ ৰচনাৰ লগতে তেওঁ সুৰাৰোপিতও কৰিছে । এইবোৰ এতিয়া জ্যোতি সংগীতৰূপে নজহা-নপমা হৈ অসমীয়া সংগীত জগতত আমোলমোলাই আছে । আনহাতে নাট্য সাহিত্যলৈও জ্যোতিপ্ৰসাদৰ অৱদান কোনো গুণে কম নহয় । তেওঁৰ দ্বাৰা ৰচিত সম্পূৰ্ণ নাটকেইখন হৈছে শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী , লভিতা , নিমাতী কইনা আৰু খনিকৰ । আনহাতে, অসম্পূৰ্ণ অৱস্থাতো থাকে কেইবাখনো নাটক । সেইকেইখন হৈছে কনকলতা, সুন্দৰকোঁৱৰ আৰু সোণপখিলী ।
১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ বাসভূমি পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । জ্যোতিপ্ৰসাদ আগৰৱালা মাত্ৰ ৪৮ বছৰ বয়সতে জীৱন নাটৰ যৱনিকা অন্ত পৰে । জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনৰ ১৭ জুনত ভাৰত চৰকাৰে প্ৰণয়ন কৰে ডাক টিকট । ইয়াৰ লগতে অসমৰ সমাজ জীৱনৰ কিংবদন্তীসুলভ শিল্পীগৰাকীৰ স্মৃতিত ১৭ জানুৱাৰীত ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস।
আজি ১২০ বছৰীয়া জন্মজয়ন্তীত এইগৰাকী অসমীয়া ভাষা-সাহিত্যলৈ সশ্ৰদ্ধ সোঁৱৰণ ।
লগতে পঢ়ক : Bishnu Rabha Award 2023 : চিত্রশিল্পী অজিত শীললৈ ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা