Local, Vocal, Global

Love jihad in Assam: ৰাজ্যত পুনৰ লাভ জিহাদৰ ঘটনা, হিন্দু নামেৰে প্ৰেমৰ জালত পেলালে এগৰাকী মহিলাক

ৰাজ্যত পুনৰ লাভ জিহাদৰ ঘটনা

নিউজ ডেস্ক, ১৭জুন : ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জিহাদৰ ঘটনা ৷ এইবাৰ নগৰবেৰাত সংঘটিত হ’ল লাভ জিহাদৰ ঘটনা ৷ নিজকে হিন্দুৰ পৰিচয়েৰে প্ৰেমৰ জালত পেলাই ছয়গাঁৱৰ পশ্চিম ভেলী গাৱঁৰ এগৰাকী মহিলাক । তাৰ পিছত মহিলাগৰাকীক পলুৱাই নিলে মুছলমান লোকজনে ৷ অৱশ্যে তাৰ মাজতে লাগিল অথন্তৰ । এই কথা নগৰবেৰাৰ একাংশ স্থানীয় লোকে অৱগত হোৱাৰ পিছতে নগৰবেৰাৰ পলাহৰটাৰী গাৱঁৰ জহিৰ আলী নামৰ লোকজনক কৰায়ত্ব কৰি গতাই দিলে আৰক্ষীক । এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ( Muslim youth tied woman in love in Hindu name)।

এতিয়া আহো কাহিনীৰ মাজলৈ । ছয়গাঁৱৰ পশ্চিম ভেলী গাৱঁৰ জহিৰ আলী কৰ্মসূত্ৰে পত্নী পৰিয়ালৰ সৈতে থাকে গোৱালপাৰাৰ দৰংগিৰিত। চাৰি সন্তানৰ পিতৃ জহিৰে ফোনযোগে চিনাকি হৈছিল ছয়গাঁৱৰ এগৰাকী মহিলাৰ লগত । এনেদৰেই প্ৰথম চিনাকি । প্ৰকৃত পৰিচয় লুকুৱাই জহিৰে নিজকে এজন হিন্দু যুৱক বুলি পৰিচয় দি ৮ দিনৰ ভিতৰতেই প্ৰেমৰ জালত পেলাই নগৰবেৰাৰ এগৰাকী হিন্দু মহিলাক( Muslim youth tied woman in love in Hindu name)।

জানিব পৰা অনুসৰি, দুটি সন্তানৰ মাতৃ ৩০ বছৰীয়া মহিলাগৰাকীৰ ইতিমধ্যে স্বামীৰ মৃত্যু ঘটিছে । এই কথা জানিব পাৰি ধুৰন্ধৰ জহিৰে বিভিন্ন প্ৰলোভনেৰে স্বামীহীন মহিলাগৰাকীক প্ৰেমৰ পাশত আবদ্ধ কৰে । ইয়াৰ পিছতে মহিলীগৰাকীক পলুৱাই নিবৰ বাবে প্ৰেমিক জহিৰ ৮ দিনতে ছয়গাঁওস্থিত নগৰবেৰাত প্ৰেমিকাৰ ঘৰ ওলালেহি । তাৰ পাছতে স্বামীহীন প্ৰেমিকাক লৈ পলাল প্ৰেমিক । জাহিৰৰ পৰিকল্পনা অনুসৰি সকলো থিকেই আগবাঢ়িছিল ।

ইয়াৰ মাজতে লাগিল কেনা। নগৰবেৰাৰ পলাহৰটাৰীস্থিত নিজ গৃহলৈ নিয়াৰ পথতে মালঞ্চাত দুয়োৰে মাজত আৰম্ভ হয় কথাৰ কটাকটি । দুয়োৰে মাজত হোৱা বিবাদ প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোক কাষ চাপে তেওলোকৰ । ইয়াৰ পিছতে দুয়োকে শোধা-পোছা কৰাত ওলাই পৰে গোমৰ ফাক । প্ৰেমৰ প্ৰলোভনেৰে মহিলাগৰাকীক নিবলৈ অহা প্ৰেমিকজন হেনোঁ এজন ইছলাম ধৰ্মীয় লোক । নিজকে হিন্দু বুলি পৰিচয় দি জয়ন্ত দাস নামেৰে মহিলাগৰাকীক প্ৰেমৰ জালত পেলাইছিল ।

ইয়াৰ পিছতে স্থানীয় লোকসকলে প্ৰেমিক জহিৰক কৰায়ত্ব কৰি গতাই দিলে নগৰবেৰা আৰক্ষীক । নিজকে হিন্দু যুৱকৰ পৰিচয় দি এগৰাকী হিন্দু মহিলাক প্ৰেমৰ পাশত আবদ্ধ কৰা জহিৰ এতিয়া কাৰাগাৰৰ আলহি (Love jihad in Assam)।

ইফালে স্থানীয় একাংশ লোকৰ অভিযোগ, প্ৰেমৰ জালত পেলাই পলোৱাই নি হয়তো কোনো নাৰীদেহ সৰবৰাহকাৰী অথবা ব্যৱসায়ী চক্ৰৰ হাতত গতাই দিলেহেতেন মহিলাগৰাকীক । সেয়েহে লোকসকলে, উচিত তদন্ত কৰি আৰক্ষীয়ে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে । লগতে লাভ জেহাদৰ এই ঘটনাৰ আঁৰত যদিহে কোনো জড়িত আছে তেওলোককো কৰায়ত্ব কৰক আৰক্ষীয়ে ।

লগতে পঢ়ক : Cyclone Biparjoy : বিপাৰজয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ