Local, Vocal, Global

Bishnu Rabha Award 2023 : চিত্রশিল্পী অজিত শীললৈ ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা

নিউজ ডেস্ক, ১৭ জুন : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত অহা ২০ জুন, ২০২৩ তাৰিখে ঘৰাপাৰ ষ্টেডিয়ামত কেন্দ্রীয় ভাৱে ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ’ব(Bishnu Rabha Award 2023) ।

এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ লগতে অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা ছগৰাকী স্বনামধন্য ব্যক্তিক তিনিটা ৰাষ্ট্ৰীয় আৰু তিনিটা ৰাজ্যিক পৰ্য্যায়ৰ বঁটাৰে সন্মানিত কৰা হ’ব।

২০২৩ চনৰ বিষ্ণু ৰাভা বঁটাৰ বাবে বিশিষ্ট চিত্রশিল্পী অজিত শীল আৰু বিশিষ্ট নৃত্যশিল্পী গোপাল কৃষ্ণ গোস্বামীক মনোনীত কৰা হৈছে।

একেই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক-সাংবাদিক অৰূপ কুমাৰ দত্ত ২০২২ চনৰ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা, ছহীদ ভাস্কৰ কলিতা দেৱক মৰণোত্তৰ ভাৱে ২০২২ চনৰ বীৰ চিলাৰায় বঁটা, বিশিষ্ট গৱেষক ড° টিয়াতশী জমীৰ ডাঙৰীয়াক ২০২৩ চনৰ কালিচৰণ ব্ৰহ্ম বঁটা, বিশিষ্ট লোকশিল্পী নকুল দাস ২০২৩ চনৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা, বিশিষ্ট বিজ্ঞানী ড° জয়ন্তী চুতীয়াক ২০২৩ চনৰ সতী সাধনী বঁটা, বিশিষ্ট সমাজ সেৱক বলৰাম ফাংচোক ২০২৩ চনৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটাৰে সন্মানিত কৰা হ’ব।

জানিব পৰা মতে সন্ধিয়া ৬:০০ বজাত আয়োজিত সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰিব।

তাৰোপৰি ,বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ২০ জুনৰ পুৱা ৯ বজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, বিষ্ণু ৰাভাৰ গীত আৰু কুইজ প্ৰতিযোগিতাৰ লগতে দিনৰ ২ বজাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰ ওপৰত এখনি আলোচনা চক্রও অনুষ্ঠিত হ’ব। আনহাতে মুকলি সভাৰ পাছত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব।

লহতে পঢ়ক : First Over Dimensional Cargo : নুমলীগড় শোধনাগাৰৰ প্ৰথমটো বৃহত্‍ আকৃতিৰ কাৰ্গ’ৰ আদৰণি জনায় সৰ্বানন্দ সোণোৱালে