Local, Vocal, Global

Junmoni Rabha Death Case : জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিলে CBI ৰ দলে

গুৱাহাটী, ১৫জুন : ১৫ মে’ত SIজোনমণি ৰাভাৰ মৃত্যু হৈছিল।আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ আকস্মিক মৃত্যুৱে সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল(Junmoni Rabha mysterious death)।১৫ মে’ৰ পুৱতি নিশা জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা জোনমণি ৰাভাৰ এই পথ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছিল বহু ৰহস্য।দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছিল বহুজনে।ধাৰণা মতে,জোনমণি ৰাভাই নিজৰ ছাইডৰ পৰা ৰং ছাইডলৈ গাড়ীখন লৈ বাবে কন্টেইনাৰ খনৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল(CBI to Probe Assam Female Cops Mysterious Death)।

ৰাজপথত কন্টেইনাৰ খনৰ ব্ৰেক মৰাৰ দাগ স্পষ্ট যদিও জোনমণি ৰাভাৰ গাড়ীৰ ব্ৰেক মৰাৰ কোনো চিন পকী পথত দেখা পোৱা যোৱা নাছিলে।অভাৰ ট্ৰেকৰ বাবে দুৰ্ঘটনাটো সংঘটি হৈছিল নেকি সেয়া প্ৰত্যক্ষদৰ্শী নথকাৰ বাবে জানিব পৰা হোৱা নাই।ৰাজ্য কপাঁই যোৱা এই ঘটনাৰ চি বি আইৰ তদন্ত বিচাৰিছে সমগ্ৰ অসমে(Junmoni Rabha mysterious death)।

জোনমণি ৰাভাৰ মৃত্যু এমাহ পাৰ হ’ল।অৱশেষত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ এটা মাহৰ পাছত চি বি আইৰ তদন্তকাৰী দল আহি উপস্থিত হ’লহি গুৱাহাটীত।সূত্ৰ অনুসৰি ডি আই জি লাভলী কাটিয়াৰৰ তত্বাৱধানত দিল্লীৰ পৰা চি বি আইৰ দলটো বুধবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয়।এই দলটোৱে জোনমণি ৰাভাৰ ঘটনাৰ তদন্ত কৰিব।

উল্লেখ্য যে বুধবাৰে পুৱা কেন্দ্ৰীয় চৰকাৰে জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰিছিল(CBI to Probe Assam Female Cops Mysterious Death)।কৰ্মী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ এক আদেশত কোৱা হৈছে যে “দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠা আইন, ১৯৪৬ (১৯৪৬ চনৰ ২৫)ৰ ধাৰা ৬ৰ সৈতে থকা ধাৰা ৫ৰ উপ-ধাৰা (১)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি, কেন্দ্ৰীয় চৰকাৰে অসম ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে, ২০.০৫.২০২৩ তাৰিখৰ অধিসূচনা নং ইচিএফ নং ৩০২৬২১/২০ অনুসৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা চাৰিটা গোচৰৰ তদন্তৰ বাবে দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠানৰ সদস্যসকলৰ ক্ষমতা আৰু বিচাৰ ক্ষমতা সমগ্ৰ অসম ৰাজ্যলৈ হস্তান্তৰিত কৰা হৈছে।

”উল্লেখ্য যে জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যুক লৈ বিভিন্ন ধৰণৰ কথা-বতৰা, সাক্ষী আদিয়ে আত্মপ্ৰকাশ কৰাৰ পিছতেই উচ্চ স্তৰীয় তদন্ত হোৱাৰ দাবী তুলিছিল অসমৰ সচেতন মহল আৰু ৰাভাৰ পৰিয়ালৰ লোকে। তাৰপিছতেই আজি প্ৰায় ১ মাহ পিছত এই গোচৰ চিবিআইৰ অধীনলৈ যায়।

ইফালে চি বি আইলৈ এই তদন্তৰ প্ৰক্ৰিয়া যোৱাৰ বাবে জোনমণি ৰাভাৰ মাতৃ আৰু ভাতৃয়ে সন্তষ্টি প্ৰকাশ কৰিছে।জোনমণি ৰাভাৰ মাতৃয়ে কয় যে, জোনমণি ৰাভাও আছিল এগৰাকী আৰক্ষী বিষয়া। তেওঁ যিসকলৰ লগত কাম কৰিছিল তেওঁলোকো আৰক্ষী বিষয়া। এই গোচৰৰ তদন্ত কৰা সকল আৰক্ষী বিষয়া। চি বি আইৰ যিগৰাকী তদন্তকাৰী বিষয়া আহিছে তেওঁ এগৰাকী মহিলা বিষয়া।গতিকে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ লগত হোৱা এই ঘটনা সঠিক ভাৱে তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়ক।

ইফালে জোনমণি ৰাভাৰ জ্যেষ্ঠ ভাতৃয়ে কয়, চি বি আইৰ দল আহি গুৱাহাটীত উপস্থিত হৈছেহি বুলি শুনিছো। চি বি আইয়ে তদন্তৰ আওঁতালৈ সকলোকে আনক। সেই সময়ৰ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, আভাজ্যোতি ৰাভা, নালিয়া, জোনমণি প্ৰসংগত মন্তব্য কৰা নগাওঁ আৰক্ষীৰ আন আন লোক সকলোকে তদন্তৰ আওঁতালৈ আনিবলৈ তেওঁ দাবী কৰিছে(Junmoni Rabha mysterious death)। লগতে তেওঁৰ বাহনখনৰ ফৰেনছিক পৰীক্ষা কৰাৰো দাবী কৰিছে।

লাভলি কাটাৰিয়াৰ সৈতে আন এজন বিষয়া ইতিমধ্যে উপস্থিত হৈছে চি আই ডি কাৰ্যালয়ত আৰু আন ৩ গৰাকী চি বি আইৰ বিষয়া গৈছে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইলৈ।

উল্লেখ্য যে, লাভলি কাটাৰিয়া প্ৰথম অৱস্থাত ৰাজস্থান আৰক্ষীত কৰ্মৰত আছিল। ২০২১ চনত তেওঁ চিবিআইৰ এছ পি হিচাপে যোগদান কৰিছিল। আৰু পৰৱৰ্তী সময়ত তেওঁ ডি আই জি হিচাপে যোগদান কৰে। লাভলি কাটাৰিয়া ২০০৮ বেটছৰ ৰাজস্থান কেডাৰ আই পি এছ বিষয়া। ৰাজস্থানত বহু অপৰাধীক নাকী লগাইছে এইগৰাকী আইপিএছ বিষয়াই।

লগতে পঢ়ক : HSLC Paper Leak Case : HSLC প্ৰশ্নকাকত ফাদিল, ফাদিল গোচৰৰ অভিযোগনামা দাখিল