Local, Vocal, Global

HSLC Paper Leak Case : HSLC প্ৰশ্নকাকত ফাদিল, ফাদিল গোচৰৰ অভিযোগনামা দাখিল

গুৱাহাটী, ১৫ মাৰ্চ : সমগ্ৰ ৰাজ্যজুৰি বিতৰ্কৰ সূচনা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ড সন্দৰ্ভত বুধবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ CID য়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগ নামা দাখিল কৰে (HSLC Paper Leak Case)।

উল্লেখ্য যে, ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত মাজৰাতি বাতিল কৰিবলগীয়া হৈছিল কেইবাটাও পৰীক্ষা।

১৩মাৰ্চত ফাদিল হৈছিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত।পৰীক্ষাৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ।
প্ৰথমে ফাদিল হৈছিল সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত আৰু পৰৱৰ্তী সময়ত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছিল। ১৩ মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাকলৈ CID য়ে ভাৰতীয় দণ্ডবিধি ১২০ বি/৪২০/৪২৭ ধাৰাত ৰুজু কৰিছিল গোচৰ।গোচৰটোৰ নম্বৰ আছিল ০৩/২০২৩। এই গোচৰটোৰ আধাৰতে তদন্ত কৰি চি আই ডিয়ে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে।

পৰীক্ষাৰ মাজতে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই ৰাজ্যত পৰীক্ষাৰ পৰিৱেশ নোহোৱা কৰি তুলিছিল। এই ঘটনা সন্দৰ্ভত চি আই ডিয়ে তদন্ত কৰি পৰীক্ষাৰ মাজতে আটক কৰিছিল কেইবাজনো শিক্ষক, কৰ্মচাৰীক(HSLC Paper Leak Case)।

প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড হিচাপে উল্লেখ কৰা হৈছে প্ৰণৱ কুমাৰ দত্ত আৰু কুমুদ ৰাজখোৱাক ।ইয়াৰেপৰি অভিযোগ নামাত নাম সোমাইছে জ্যোতিৰেখা বৰগোঁহাই, হেৰম্ব কুমাৰ দাসৰ সৈতে মুঠ ৪১ জন ব্যক্তিৰ বিৰুদ্ধে (CID files chargesheet against 41 accused in HSLC paper leak case)।ইয়াৰ ভিতৰত ১০ জনেই শিক্ষক। অভিযোগনামাত নাম আছে ২৪ গৰাকী শিক্ষাৰ্থী, ২ জন অভিভাৱক আৰু ৫ জন মধ্যভোগীৰ।আনহাতে চি আই ডিয়ে তদন্ত প্ৰক্ৰিয়াত মুঠ ১২৮ জনৰ সাক্ষ্য গ্ৰহণ কৰিছে। অভিযোগনামাত নাম উল্লেখ থকা ৪১ জন লোকৰ মোবাইলৰ পৰাও বহু তথ্য উদ্ধাৰ কৰিছে চি আই ডিয়ে।

প্ৰশ্নকাকত ফাদিলকাণ্ড পোহৰলৈ অহাৰ ঠিক পাচতে গ্ৰেপ্তাৰ কৰা গুৱাহাটীৰ কাহিলিপাৰাৰ ভাউৰী দেৱী চেৰাউগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোতিৰেখা বৰগোহাই, সহকাৰী শিক্ষক হেৰম্ব কুমাৰ দাস আৰু অস্থায়ী কৰ্মচাৰী চিত্তঞ্জন ৰয়কো CID য়ে অভিযুক্ত কৰিছে(HSLC Paper Leak Case) ।

উল্লেখ্য যে, যোৱা ১৩ মাৰ্চত CID য়ে গোচৰ ৰুজু কৰাৰ পাচতে কাহিলিপাৰাৰ ভাউৰী দেৱী চেৰাউগী বিদ্যালয়ৰ অধ্যক্ষা জ্যোতিৰেখা বৰগোহাঁইসহ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছিল ।

তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিল যে প্ৰশ্নকাকতৰ টোপোলা চমজি লোৱাৰ সময়ত সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ এটা ছেট কম থকাৰ বিষয়টো আওকাণ কৰি টোপোলাকেইটা সংগ্ৰহ কৰিছিল ।প্ৰশ্নকাকত ফাদিলৰ মূল কাণ্ডাৰী লখিমপুৰৰ দুই শিক্ষক প্ৰণৱ কুমাৰ দত্ত আৰু কুমুদ ৰাজখোৱাক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোক দুজনেই ধনৰ বিনিময়ত একাংশ প্ৰার্থী আৰু মধ্যভোগীৰ সহায়ত সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা চুৰ কৰি প্ৰশ্ন ফাদিল কৰিছিল বুলি CID য়ে তথ্য প্ৰমাণ লাভ কৰে । প্ৰণৱ কুমাৰ দত্তৰ বাসগৃহত উদ্ধাৰ কৰা আধাপোৰা প্ৰশ্নকাকত আচল প্ৰশ্নকাকত আছিল বুলি আৰু হাতেলিখা প্ৰশ্নকাকতখনৰ হাতৰ আখৰবোৰ দত্তৰেই আছিল বুলি ফৰেনচিক পৰীক্ষাত প্ৰমাণ হয় ।

দত্তই যোগান ধৰা প্ৰশ্নকাকত কপি কৰি কুমুদ ৰাজখোৱাই ধনৰ বিনিময়ত কেতবোৰ পৰিচিত শিক্ষার্থীলৈ হোৱাটআপযোগে প্ৰেৰণ কৰিছিল । ৰাজখোৱাৰ লগতে দুই শিক্ষার্থী সৌৰভজ্যোতি বাৰোৱাতী আৰু আদিত্য সিঙেও প্ৰশ্নকাকতৰ কপি কৰি বিলাইছিল বুলি CID য়ে অভিযোগনামাত উল্লেখ কৰিছে ।

ফাদিল হোৱা প্ৰশ্নকাকত ম’বাইলযোগে প্ৰেৰণ কৰা লোক, ধনৰ লেনদেনৰ বাবে ব্যৱহাৰ কৰা কিউ আৰ ক’ড আৰু ইউ পি আই যোগে হোৱা লেনদেনৰ সকলো তথ্য CID য়ে উদ্ধাৰ কৰিছে । অভিযুক্তসকলৰ পৰা জব্দ কৰা ৪৭ টা ম’বাইল ফোনৰ পৰাও সকলো তথ্য পুনৰুদ্ধাৰ কৰা হৈছে । অভিযোগনামাৰ সৈতে CID য়ে ৪৮ টা ম’বাইল ফোন , ৮৬ খন বিভিন্ন নথি আৰু ১২৮ জন সাক্ষীৰ জবানবন্দীও আদালতত দাখিল কৰিছে ।

লগতে পঢ়ক :Global Wind Day : আজি বিশ্ব বায়ু দিৱস