Assam New Assembly : চলিত বৰ্ষৰ আগষ্ট মাহত মুকলি কৰা হ’ব নতুন বিধানসভা ভৱন

গুৱাহাটী, ১৩ জুন : সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন বিধানসভা ভৱন পৰিদৰ্শন কৰে (Chief Minister Himanta Biswa Sarma) । ভৱন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সকলো ঠিকে-ঠাকে থাকিলে চলিত বৰ্ষৰ আগষ্ট মাহত ৰাজ্যবাসীয়ে লাভ কৰিব নতুন বিধানসভা ভৱন ।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মন্ত্ৰী পীযূষ হাজৰিকাই নতুন নিৰ্মাণাধীন অসম বিধানসভা পৰিদৰ্শন কৰে (assembly speaker Biswajit Daimari)।
চলিত বৰ্ষৰ আগষ্ট মাহত অসমে নতুন বিধানসভা ভৱন লাভ কৰিব বুলি সোমবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, ১৯৭২ চনৰ ছেপ্টেম্বৰ মাহত যেতিয়া ৰাজ্যৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়, তেতিয়া অসম বিধানসভাৰ বাবে এটা অস্থায়ী ঘৰ ক্ৰয় কৰা হয়, যিটো পূৰ্বতে চাহ গুদামত ৰখা হৈছিল । ১৯৭৩ চনৰ ১৬ মাৰ্চত বৰ্তমানৰ দিছপুৰ ভৱনত প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। সুদীর্ঘ ৫১ বছৰৰ অন্তত নতুনকৈ নিৰ্মাণ হ’ব লগা বিধানসভাৰ স্থায়ী ভৱনক যথেষ্ট আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে (Assam New Assembly) ।
১৮০জন সদস্য বহিব পৰা বিধানসভা ভৱনটোৰ নিৰ্মাণৰ দায়িত্বত আছে ছিমপ্লেক্স স্ট্রাকচাৰ আৰু ইয়াৰ ইণ্টৰিঅ’ৰ ডিজাইনৰ দায়িত্বত আছে জে ডি ক্ৰিয়েচন ।
প্রায় ১৮,৪৫৯ বর্গমিটাৰৰ এই নতুন ভৱনটো নিৰ্মাণ ব্যয় আৰম্ভণিতে ২৩৪ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল । পৰৱৰ্তী সময়ত এই ব্যয় ৩৫১ কোটি টকালৈ বৃদ্ধি হয়। নতুন বিধানসভা ভৱনটোত সংযোজন কৰা “হৈছে এখনকৈ লিফ্ট, এখন গ্লাছ লিফ্ট আৰু এখন এস্কেলেটৰ । সম্পূর্ণ ভৱনটো শীত-তাপ নিয়ন্ত্রিতভাৱে নির্মাণ কৰা হৈছে ।
আনহাতে, বাহিৰৰ পোহৰ যাতে সকলো দিশৰ পৰা আহিব পাৰে সেই দিশটোৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। বিধানসভা ভৱনটোৰ কাষতে এতিয়াও নির্মীয়মাণ অৱস্থাত আছে প্রায় ১৫ মহলীয়া বিধানসভা সচিবালয়। এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে দেশৰ ভিতৰতে যথেষ্ট আটকধুনীয়া হ’ব অসম বিধানসভাৰ ভৱন।
উল্লেখ্য যে সোমবাৰে ভৱনটো পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে নির্মীয়মাণ অৱস্থাত থকা ভৱনটোৰ কিছু নিৰ্মাণ সম্পৰ্কীয় দিশৰ ওপৰত পৰামৰ্শ আগবঢ়ায়।
লগতে পঢ়ক : Secret killings in Assam : গুপ্তহত্যাৰ বিষয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক ন্যায়ালয়ৰ ক্লীনশ্বীট