Local, Vocal, Global

Slab Falls From Maligaon Flyover : মালিগাঁৱত অঘটন, নিৰ্মাণাধীন উৰণীয়া সেঁতুৰ লোহাৰ প্লেট পৰি আহত দুজনলোক

গুৱাহাটী, ১৩ জুন : গুৱাহাটীৰ মালিগাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা (Maligaon Slab Falls) । মহানগৰীত পানীৰ পাইপ ফাটি যোৱাৰ ঘটনাই যেন যথেষ্ট নহয়, মালিগাঁৱৰ নিৰ্মাণৰত উৰণীয়া সেতুৰ পৰা লোহাৰ প্লেট পৰি দুজন লোক গুৰুতৰ ভাবে আহত হয় । আহত দুজনৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক অৱস্থাত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

প্ৰকাশিত খবৰ অনুসৰি, নিৰ্মাণৰত উৰণীয়া সেতু প্ৰকল্পৰ তলেৰে যাত্ৰা কৰাৰ সময়তে দুজন লোকৰ গাত ওপৰৰ পৰা লোহাৰ শ্লেবখন বাগৰি পৰে ।

খবৰ অনুসৰি এই শোকাৱহ ঘটনাত আহত দুজন শ্ৰমিক ক্ৰমে জিতু দাস আৰু নয়ন দাস বুলি চিনাক্ত কৰা হৈছে। ইফালে জিতু দাস বৰ্তমান ভেণ্টিলেটৰত আছে ।

জানিব পৰা মতে, এই ঘটনাৰ পৰিণতিত এখন বাহনৰো কিছু ক্ষতিসাধন হয় । দুৰ্ঘটনাৰ পিছতে আহত যুৱক দুগৰাকীক লগে লগে চিকিত্‍সালয়লৈ প্ৰেৰণ কৰা হয়।

আহত যুৱক দুগৰাকীৰে এগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

গুৱাহাটীত সুৰক্ষা প্ৰট’কলৰ অভাৱত ক্ষোভ প্ৰকাশ কৰি কংগ্ৰেছ নেতা গৌৰৱ সোমানীয়ে টুইটাৰত ব্যক্ত কৰে । তেওঁৰ টুইটত লিখে যে , “কোনো কোনো সুৰক্ষা প্ৰট’কল মানি নচলাকৈ কোনোবাই এনে নিৰ্মাণ কামক ন্যায্যতা প্ৰদান কৰিব পাৰিবনে? জ্বলনশীল পদাৰ্থ বা প্লাষ্টিক/কপাহ কঢ়িয়াই অনা কোনো বাহন বা দুচকীয়া বাহন যদি পাৰ হৈ গ’লহেঁতেন তেন্তে ই অতি বিপজ্জনক হ’ব পাৰিলেহেঁতেন। গুৱাহাটী এতিয়া ভাগ্যৰ কৃপাত!”

উল্লেখ্য যে, নিৰ্মাণৰত উৰণীয়া সেঁতুৰ স্থানত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত নিৰাপত্তা ব্যৱস্থাক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । এতিয়া আজিৰ ঘটনাৰ পিছত চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Water Explosion in Guwahati : হিমান্ত চৰকাৰক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰীৰ