Local, Vocal, Global

Secret killings in Assam : গুপ্তহত্যাৰ বিষয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক ন্যায়ালয়ৰ ক্লীনশ্বীট

নিউজ ডেস্ক, ১৩ জুন : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । গুপ্তহত্যাৰ গোচৰত সোমবাৰে প্ৰফুল্ল কুমাৰ মহন্তক ক্লীনশ্বীট প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰৰ গঠিত বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ৷

প্রফুল্ল কুমাৰ মহন্তক অজিত ভূঞা আৰু অনন্ত কলিতাৰ তৰফৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । গুপ্তহত্যাৰ গোচৰত এই ক্লীনচিট দি পূৰ্বে ন্যায়ালয়ে দিয়া ৰায়কে বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

উল্লেখযোগ্য যে, পূৰ্বে গঠন কৰা আয়োগক অসাংবিধানিক আখ্যা দিছিল উচ্চ ন্যায়ালয়ে (Secret killings) । প্ৰফুল্ল কুমাৰ মহন্তক পূৰ্বেও ক্লীনচিট দিছিল ন্যায়ালয়ে ৷ সাংসদ তথা প্ৰাক্তন সাংবাদিক অজিত ভূঞা আৰু সমাজকৰ্মী অনন্ত কলিতাই ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল (Former CM Mahata Gets Clean Chit Once Again)।

উল্লেখ্য যে গুপ্তহত্যা প্ৰসংগই যোৱা কেইবাটাও দশক ধৰি সমগ্ৰ অসমৰ ৰাজনৈতিক পৰিস্থিতিত প্ৰায়ে জোঁকাৰণি তুলি আহিছিল ৷ প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী কালতে অসমত গুপ্তহত্যাই জনজীৱনক বিচলিত কৰি তুলিছিল ৷ সেই সময়তে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পিছত ২০০৭ চনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে গুপ্তহত্যাৰ তদন্তৰ বাবে এখন আয়োগ গঠন কৰিছিল ৷ কেইবা বছৰৰ মূৰত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল ন্যায়াধীশ কে এন শইকীয়া আয়োগে ।

কে এন শইকীয়া আয়োগে দাখিল কৰা প্ৰতিবেদন আৰু ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শাৱলী গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৮ চনৰ ৩ ছেপ্তেম্বৰত খাৰিজ কৰি ৰায় প্ৰদান কৰিছিল । তদানীন্তন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছিল । পৰৱৰ্তী সময়ত এই ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল অজিত ভূঞা আৰু অনন্ত কলিতাই ।

গোচৰ সন্দৰ্ভত সোমবাৰ অৰ্থাত্‍ চূড়ান্ত ৰায়দান প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে । পূৰ্বে দিয়া ৰায়কে বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । কাৰ্যত এক ২০১৮ চনতে গুপ্তহত্যাৰ অপবাদৰ পৰা মুক্ত হোৱা প্ৰফুল্ল কুমাৰ মহন্তই আকৌ এবাৰ ক্লীনচিট পালে ন্যায়ালয়ৰ পৰা ৷ দুবাৰকৈ ন্যায়ালয় ক্লীনচিট পোৱাৰ পিচত গুপ্ত হত্যা প্ৰসংগই হয়তো আৰু ভৱিষ্যতে ক’তো স্থান লাভ নকৰিব ৷

লগতে পঢ়ক : Child abuse in Hailakandi: অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াৰ ঘৰত উদ্ধাৰ অন্তঃসত্ত্বা নাবালিকা