Aniruddha Deva Sports University : অসমৰ ৰাজ্যপালে পৰিদৰ্শন কৰিলে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

ডিব্ৰুগড়, ১০ জুন : শুকুৰবাৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি ৰাজ্যৰ ক্ৰীড়া শিক্ষা বৃদ্ধিৰ ক্ষেত্ৰত ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে (Governor of Assam Gulab Chand Kataria)।
অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই শুক্ৰবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ বিমানবন্দৰৰ সভাকক্ষত এখন বৈঠকত অংশগ্ৰহণ কৰে । জিলা উপায়ুক্ত আৰু প্ৰশাসনীয় বিষয়া সকলে ৰাজ্যপালগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় আৰু ইয়াৰ পিছত সকলো উপস্থিত বিষয়াসকল সভাকক্ষৰ বৈঠকত অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে ৰাজ্যপালৰ সৈতে বৈঠক আৰু ভ্ৰমণত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত আৰু সচিব ফাৰুক আলাম, জিলা উপায়ুক্ত বিশ্বজিত্ পেগু, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব মীনাক্ষী সুন্দৰম,আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত ড:মণিকা বৰা, শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰবক্তা জে পি বৰ্মা, শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পাৰ্থ প্ৰতিম বৈৰাগী,কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শশীকান্ত শইকীয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা সকল(পথ,গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ), প্ৰমুখ্যে বিভাগীয় বিষয়াসকল উপস্থিত থাকে(Sri Sri Aniruddha Deva Sports University )।
বৈঠকত ৰাজ্যপাল গৰাকীয়ে উত্তৰ-পূৰ্বক প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈ কামসমূহ ক্ষিপ্ৰ গতিৰে কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে, অভিযন্তা সকলক অতি সোনকালে সীমা নিৰ্ধাৰণ আৰু সীমাৰেখা ডিজাইন অনুসৰি নিৰ্মাণকাৰ্য কৰিবলৈ আহ্বান জনায় ।
ইয়াৰ পাছত ৰাজ্যপালগৰাকীয়ে চাবুৱাৰ বালিজানত উপস্থিত হৈ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰকল্পটোৰ স্থান পৰিদৰ্শন কৰে ।
উল্লেখ্য যে, শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰকল্পটোৰ মুঠ মাটিকালি ২০০ বিঘা, ২ কঠা আৰু ৭.৬ লেছা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে অনুমোদিত কৰা হৈছে । আৰু উত্তৰ ফালে সীমা ৭২৬.১৭ মিটাৰ, দক্ষিণ ফালে ৭৬২.৩৬ মিটাৰ, পূব ফালে ৪১৬.২ মিটাৰ আৰু পশ্চিম ফালে ৩২৯.৫৯ মিটাৰ আছে । অভিযন্তাই উল্লেখ কৰা অনুসৰি অনুমোদন পোৱাৰ লগে লগে কাম আবণ্টন দিয়া হ’ব ।
ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে নামফাকে বৌদ্ধ সত্ৰত উপস্থিত হয় আৰু অসম পেট্ৰ’কেমিকেলচ লিমিটেড আৰু নামৰূপত অৱস্থিত ৫০০ টি.পি.ডি. মিথানল কলটো নিৰীক্ষণ কৰে লগতে অসম পেট্ৰ’কেমিকেলচ লিমিটেডৰ অভিযন্তা আৰু বিষয়াসকলৰ লগত এক আলোচনাতো মিলিত হয়। ইয়াৰোপৰি, ৰাজ্যপাল গৰাকীয়ে খনিকৰ স্তেডিয়াম বিষয়াসকলৰ লগত পৰিদৰ্শন কৰে ।
উল্লেখ্যে যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়তেই অৰ্থাত্ ২০১৮ তনতেই শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰকল্পটোৰ নিৰ্মাণৰ বাবে ভূমি প্ৰস্তাৱিত কৰা হৈছিল। প্ৰস্তাৱিত হোৱাৰ পিছতো আজি পৰ্যন্ত কোনো কাম আৰম্ভ কৰা হোৱা নাই ।
জানিব পৰা মতে , মুঠ ভূমিৰ ভিতৰত এতিয়াও ৪ বিঘা ভূমি বিবাদমান হৈ আছে। লগতে, এনে বিবাদমান বাবে ঠিকা লাভ কৰা ঠিকাদাৰে অনিশ্চয়তাৰ বাবে ইতিমধ্যেই কাম ত্যাগ কৰিছে ।
বৰ্তমান বিশ্ববিদ্যালয়খন ডিব্ৰুগড় জিলাৰ চৌকিডিঙিত অৱস্থিত জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰৰ দ্বিতীয় মহলাৰ পৰা অস্থায়ী চৌহদৰ পৰা কাৰ্যক্ষম হৈছে। চাবুৱাৰ বালিজান অঞ্চলৰ পানী এৰা গাঁৱৰ স্থায়ী চৌহদৰ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হলে বিশ্ববিদ্যালয়খন তালৈ স্থানান্তৰ কৰা হ’ব ।
লগতে পঢ়ক : Assam cabinet meeting: শুক্ৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত